ইণ্টাৰনেচনেল ডেস্ক, ১১ জানুৱাৰী : ইউক্ৰেইনৰ এজন শৈল্য চিকিৎসকে দেশখনৰ বাখমুট অঞ্চলত যুদ্ধৰ সময়ত এজন সৈনিকৰ বুকুত সোমোৱা এটা সজীৱ গ্ৰেনেড আঁতৰাই (surgeon removes live grenade from soldiers chest) এক আশ্চৰ্যকৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰে (Ukrainian doctor performed miracle surgery) । শল্য চিকিৎসক এণ্ড্ৰি ভাৰ্বায়ে যিকোনো মুহূৰ্তত গ্ৰেনেডটো বিস্ফোৰণ ঘটিব পাৰে বুলি জনাৰ পিছতো এই বিপজ্জনক অস্ত্ৰোপচাৰটো কৰিবলৈ আগবাঢ়ি গৈছিল (Ukrainian surgeon removes live grenade) ।
"হৃদযন্ত্ৰৰ প্ৰতিটো আঘাত মাৰাত্মক নহয় ! সামৰিক চিকিৎসকসকলে এজন জোৱানৰ শৰীৰৰ পৰা এটা অবিস্ফোৰিত ভিঅ'জি গ্ৰেনেড (VOG grenade) আঁতৰাবলৈ এটা অস্ত্ৰোপচাৰ কৰিছিল । চিকিৎসাকৰ্মীসকলৰ সুৰক্ষা নিশ্চিত কৰা দুজন বিশেষজ্ঞৰ উপস্থিতিত গ্ৰেনেডটো সুকলমে আঁতৰোৱা হৈছিল (Military doctors remove unexploded VOG grenade) ।" ইউক্ৰেইনৰ প্ৰতিৰক্ষা উপমন্ত্ৰী হান্না মালিয়াৰে মঙলবাৰে এক ফেচবুক পোষ্টত এনেদৰে কয় ।
মন্ত্ৰীগৰাকীয়ে কয় যে ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীৰ এজন অভিজ্ঞ শল্য চিকিৎসক (surgeons of Armed Forces of Ukraine) এণ্ড্ৰি ভাৰ্বাই ইলেক্ট্ৰ'কোৱাগুলেচন (electrocoagulation) অবিহনে এই অস্ত্ৰোপচাৰ সম্পন্ন কৰে । কিয়নো গ্ৰেনেডটো যিকোনো মুহূৰ্তত বিস্ফোৰণ হোৱাৰ সম্ভাৱনা আছিল । "অস্ত্ৰোপচাৰ কাৰ্য সফল হৈছে আৰু আঘাতপ্ৰাপ্ত সুৰক্ষাকৰ্মীজনক অধিক সুস্থতা আৰু স্বাস্থ্য পুনৰুদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হৈছে ।" মন্ত্ৰীগৰাকীয়ে লগতে কয় (removes live grenade from soldiers chest) ।
এক প্ৰতিবেদন অনুসৰি, গ্ৰেনেডটো এটা এছল্ট ৰাইফলৰ সৈতে সংলগ্ন গ্ৰেনেড লঞ্চাৰৰ পৰা নিক্ষেপ কৰা হৈছিল । বিস্ফোৰণৰ আশংকাৰ বাবে আন দুজন সৈনিকৰ সংগত অস্ত্ৰোপচাৰ কৰা হৈছিল । ইলেক্ট্ৰ'কোৱাগুলেচন হৈছে অস্ত্ৰোপচাৰৰ প্ৰক্ৰিয়া, যাক ৰক্তক্ষৰণ নিয়ন্ত্ৰণ কৰিবলৈ আৰু অস্বাভাৱিক কোষকলা ধ্বংস কৰিবলৈ তাপ ব্যৱহাৰ কৰে । কিন্তু উক্ত অস্ত্ৰোপচাৰটোত সেয়া ব্যৱহাৰ কৰিব নোৱাৰি, কিয়নো ই গ্ৰেনেডটো বিস্ফোৰণ ঘটাব পাৰে ।