ইণ্টাৰনেশ্যনেল ডেস্ক, ২৬ মাৰ্চ :মুখামুখি সংঘৰ্ষৰ পৰা কোনোমতে ৰক্ষা পৰিল দুখন বিমান । আকাশমাৰ্গতে সংঘটিত হ'লহেঁতেন ভয়ংকৰ দুৰ্ঘটনা । অৱশ্যে সঠিক সময়ত সতৰ্কবাণী লাভ কৰি পাইলটে এই দুৰ্ঘটনা প্ৰতিহত কৰিবলৈ সক্ষম হ'ল । জানিব পৰা মতে বিমান দুখনৰ ভিতৰত এখন আছিল এয়াৰ ইণ্ডিয়াৰ আৰু আনখন নেপাল এয়াৰলাইনছৰ (India and Nepals planes saved from crash)।
নেপালৰ অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষই এয়াৰ ট্ৰেফিক নিয়ন্ত্ৰক বিভাগৰ দুগৰাকী কৰ্মচাৰীক তেওঁলোকৰ অসাৱধানতাৰ বাবে ইতিমধ্যে নিলম্বন কৰিছে (2 air traffic controllers suspended in Nepal)। বিভাগৰ মুখপাত্ৰ জগন্নাথ নিৰোলাই এই সন্দৰ্ভত বিজ্ঞপ্তি প্ৰকাশ কৰিছে । তেওঁ জনোৱা মতে শুকুৰবাৰে পুৱা মালয়েছিয়াৰ কুৱালালামপুৰৰ পৰা কাঠমাণ্ডুলৈ অহা নেপাল এয়াৰলাইনছৰ এখন বিমান আৰু নতুন দিল্লীৰ পৰা কাঠমাণ্ডুলৈ গৈ থকা এয়াৰ ইণ্ডিয়াৰ এখন বিমানৰ সৈতে প্ৰায় মুখামুখি হৈছিল ।
নিৰোলাই জনোৱা মতে এয়াৰ ইণ্ডিয়াৰ বিমানখন ১৯,০০০ ফুট উচ্চতাৰ পৰা নামি আহিছিল আৰু একে সময়তে নেপাল এয়াৰলাইনছৰ বিমানখন সেই স্থানত ১৫,০০০ ফুট উচ্চতাত আছিল । দুয়োখন বিমান একেবাৰে ওচৰলৈ যোৱাটো ৰাডাৰত দেখুৱাইছিল । লগে লগে নেপাল এয়াৰলাইনছৰ বিমানখন ৭,০০০ ফুট তললৈ নামি আহে ।