ইণ্টাৰনেশ্যনেল ডেস্ক, 14 আগষ্ট:ইজিপ্তৰ কায়ৰোত সংঘটিত হৈছে ভয়ংকৰ অঘটন (Massive fire at Cairo Egypt 41 killed)৷ কায়ৰোস্থিত আবু চেইফাইনৰ কপ্টিক অৰ্থোডক্স গীৰ্জাত দেওবাৰে পুৱা প্ৰায় 9.00 বজাত (কায়ৰোৰ সময় অনুসৰি)প্ৰাৰ্থনা কৰি থকাৰ সময়তে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ এই ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ 41 গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে 55 গৰাকী লোকক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোৱা হয় ৷
অসামৰিক সুৰক্ষা কৰ্তৃপক্ষৰ তত্বাৱধানকাৰী আভ্যন্তৰীণ মন্ত্ৰালয়ে এই সন্দৰ্ভত কয় যে বৈদ্যুতিক ত্ৰুটিৰ ফলত গীৰ্জাৰ ভৱনৰ দ্বিতীয় মহলাত থকা এয়াৰ কণ্ডিচনাৰত জুই লাগিছিল, য'ত কেইবাটাও কোঠাত চকুৰ পচাৰতে জুই বিয়পি গৈছিল ৷ সামাজিক মাধ্যমত গীৰ্জাৰ ভিতৰত আৱদ্ধ হৈ থকা লোকসকল মৰণকাতৰ চিঞৰৰ ভিডিঅ’ কোনো লোকে শ্বেয়াৰ কৰিছিল ৷
লগে লগে ঘটনাস্থলীত আৰক্ষীৰ লগতে অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দল উপস্থিত হয় ৷ দুৰ্ভাগ্যৱশতঃ জুই নুমুওৱালৈ 41 গৰাকী লোক গীৰ্জাটোৰ ভিতৰতে জীৱন্তে অগ্নিদগ্ধ হয় ৷ ইফালে সামাজিক মাধ্যমত প্ৰচাৰ হোৱা ভিডিঅ’ প্ৰত্যক্ষ কৰি প্ৰত্যক্ষদৰ্শীয়ে কৈছিল যে ভুক্তভোগীসকলৰ মাজত বহুসংখ্যক শিশুও আছিল ৷