ইন্টাৰনেশ্যনেল ডেস্ক, 7 জানুৱাৰী :আজি বাংলাদেশত ভোটগ্ৰহণৰ দিন ৷ তাৰ মাজতে শনিবাৰে নিশা দেশখনৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈছে হিংসাত্মক ঘটনা ৷ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে শুকুৰবাৰে সন্ধিয়াৰ পৰা শনিবাৰে পুৱালৈকে বাংলাদেশৰ 10 খন জিলাত অতি কমেও 14 টা ভোটকেন্দ্ৰ আৰু দুখন বিদ্যালয়ত দুৰ্বৃত্তই অগ্নিসংযোগ কৰে বুলি ঢাকা ট্ৰিবিউনৰ বাতৰিত প্ৰকাশ পাইছে ।
ঘটনা অনুসৰি, শনিবাৰে দুৰ্বৃত্তই লালমোনিৰহাটৰ হাতীবন্ধা উপ-জিলাৰ শ্বেখ সুন্দৰ মাষ্টাৰপাৰা প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰটোত অগ্নিসংযোগ কৰে ৷ ইফালে, শনিবাৰে ময়মনসিংহত এটা ভোটকেন্দ্ৰ জ্বলাই দিয়াৰ অভিযোগত পাঁচজনকৈ লোকক গ্ৰেপ্তাৰ কৰা হয় ৷ শেহতীয়াকৈ অগ্নিসংযোগৰ ফলত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই ৷ ইয়াৰ পূৰ্বেও বৃহস্পতিবাৰে পাঁচখন বিদ্যালয়ত দুৰ্বৃত্তই অগ্নিসংযোগ কৰে ৷
মৌলৱী বজাৰ সদৰ উপ-জিলাৰ চাবিয়া চৰকাৰী প্ৰাথমিক বিদ্যালয়তো শুকুৰবাৰে নিশা প্ৰায় 8 বজাত দুৰ্বৃত্তই অগ্নিসংযোগ কৰে ৷ বিদ্যালয়খন মৌলৱী বজাৰ 3 সমষ্টিৰ এটা ভোটকেন্দ্ৰ আছিল । ঢাকা ট্ৰিবিউনৰ বাতৰি অনুসৰি, বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি আব্দুৰ গ'ফাৰ বাবলুৱে কয় যে, চাৰিজনীয়া দুৰ্বৃত্তই বিদ্যালয়খনত অগ্নিসংযোগ কৰাৰ ফলত বিদ্যালয়খনৰ বিস্তৰ ক্ষতি হয় ৷