ইণ্টাৰনেশ্যনেল ডেস্ক , 16 অক্টোবৰ : ইজৰাইল আৰু পেলেষ্টাইনৰ যুদ্ধৰ প্ৰভাৱ আমেৰিকা যুক্তৰাষ্ট্ৰত ৷ আমেৰিকা যুক্তৰাষ্ট্ৰত ইলিনয়ত এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে ৷ ইছলাম ধৰ্মক বিশ্বাস কৰাৰ বাবে এজন 71 বছৰীয়া ব্যক্তিয়ে এটা 6 বছৰীয়া কণমানিক হত্যা কৰাৰ বিপৰীতে এগৰাকী মধ্যবয়স্ক মহিলাক আঘাত কৰে ৷ ইজৰাইল আৰু হামাছৰ মাজত হোৱা যুদ্ধৰ প্ৰতিক্ৰিয়া হিচাপে এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে ৷ এই ঘটনাৰ পিচতে ইহুদী আৰু মুছলমান সম্প্ৰদায়ৰ সংগঠনসমূহে সামাজিক মাধ্যমত ঘৃণনীয় আৰু ভাবুকিপূৰ্ণ বাক্যবাণ প্ৰক্ষেপ কৰি পোষ্ট শ্বেয়াৰ কৰে ৷
শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ চহৰ আৰু ফেডাৰেল কৰ্তৃপক্ষৰ আৰক্ষীয়ে এণ্টিমেটিক বা ইছলামোফোবিক হিংসাৰ বাবে তীব্ৰ সতৰ্কতা অৱলম্বন কৰিছে ৷ ইলিনয়ত এগৰাকী 32 বছৰীয়া মহিলাই 6 বছৰীয়া সন্তানটোৰ লগত বাস কৰিছিল ৷ পৰিয়ালটোৱে মুছলমান ধৰ্মক বিশ্বাস কৰে ৷ তেনেতে তেওঁলোকৰ ঘৰৰ স্বত্বাধিকাৰীয়ে মহিলাগৰাকীৰ লগতে পুত্ৰক ছুৰিকাঘাত কৰে ৷
মহিলাগৰাকীয়ে সুযোগ বুজি 911 নম্বৰত ফোন কৰি ঘটনাৰ সন্দৰ্ভত অৱগত কৰে ৷ মহিলাগৰাকীয়ে প্ৰাণ বচাবলৈ লোকজনৰ সৈতে তুমূল সংঘৰ্ষ কৰি কোনোমতে প্ৰস্ৰাৱগাৰলৈ গৈ প্ৰাণ বচাবলৈ সক্ষম হয় ৷ তাৰ পিচতেই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মাতৃ-সন্তানক হাস্পতালত ভৰ্তি কৰায় যদিও পুত্ৰই কৰুণ মৃত্যুক আকোঁৱালি লয় ৷ মাতৃগৰাকী এতিয়াও চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ৷
আৰক্ষীয়ে ইতিমধ্যে ঘটনা সংঘটিত কৰা লোকজনক গ্ৰেপ্তাৰ কৰিছে ৷ লোকজনৰ কঁপালত ছুৰীৰে কটাৰ চিন পৰিলক্ষিত কৰা গৈছে ৷