অসম

assam

ETV Bharat / international

ৰাণী এলিজাবেথৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অপ্ৰীতিকৰ ঘটনা, এজনক গ্ৰেপ্তাৰ - Queen Elizabeth II funeral ceremony

ব্ৰিটেইনৰ পাব্লিক অৰ্ডাৰ এক্টৰ অধীনত লোকজনত গ্ৰেপ্তাৰ কৰা হৈছে । প্ৰত্যক্ষদৰ্শীয়ে অভিযোগ কৰা মতে লোকজনে ৰাণীৰ কফিনৰ ফালে দৌৰি গৈছিল (Man arrested for running up towards Queens coffin)। য'ত প্ৰয়াত ৰাণীৰ কফিনটো ইম্পেৰিয়েল মুকুট আৰু অন্যান্য ৰাজকীয় সামগ্ৰীৰ সৈতে ৰখা হৈছিল ।

Queens coffin
ৰাণী এলিজাবেথৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অপ্ৰীতিকৰ ঘটনা

By

Published : Sep 17, 2022, 6:08 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,১৭ ছেপ্টেম্বৰ : লণ্ডনৰ ৱেষ্টমিনষ্টাৰ হলত হাজাৰ হাজাৰ লোকে ৰাণী দ্বিতীয় এলিজাবেথক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে । দেশ বিদেশৰ বহু বিশিষ্ট অতিথিও উপস্থিত হৈ ৰাণী দ্বিতীয় এলিজাবেথৰ কফিনত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে । কিন্তু ইয়াৰ মাজতে এক অপ্ৰীতিকৰ ঘটনা সংঘটিত হয় ।

শান্তি শৃংখলাভাৱে হাজাৰ হাজাৰ লোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি থকাৰ মাজতে কফিনৰ ফালে এজন লোকে দৌৰি আহে । যাৰ বাবে এক বিশৃংখল পৰিৱেশৰ সৃষ্টি হয় । পৰৱৰ্তী সময়ত মেট্ৰ'পলিটান আৰক্ষীয়ে লোকজনক গ্ৰেপ্তাৰ কৰে (Man arrested at Queens tribute ceremony)।

আৰক্ষীয়ে জনোৱা মতে শুকুৰবাৰে নিশা সংঘটিত হৈছে এই ঘটনা । ব্ৰিটেইনৰ পাব্লিক অৰ্ডাৰ এক্টৰ অধীনত লোকজনত গ্ৰেপ্তাৰ কৰা হৈছে আৰু জিম্মাত লোৱা হৈছে । প্ৰয়াত ৰাণীৰ কফিনৰ ওচৰতে ওখ স্থানত ইম্পেৰিয়েল মুকুট আৰু অন্যান্য ৰাজকীয়ৰ সামগ্ৰী ৰখা হৈছিল । প্ৰত্যক্ষদৰ্শীয়ে অভিযোগ কৰা মতে লোকজনে সেই দিশত দৌৰি গৈছিল ।

মেট্ৰ' আৰক্ষীয়েও এক বিবৃতিযোগে এই কথা প্ৰকাশ কৰিছে । আনকি বুধবাৰৰ পৰা BBCত চলি থকা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো এই ঘটনাৰ সময়ত কিছু সময়ৰ বাবে বন্ধ হৈ গৈছিল । জানিব পৰা মতে ঘণ্টা ঘণ্টা ধৰি বহু লোকে ৰাণীক শেষ শ্ৰদ্ধা জনাবলৈ শাৰী পাতি আছে ।

টেমছ নদীৰ সমীপৰ ৮ কিলোমিটাৰৰো বেছি দীঘল শাৰীটোত বিশ্বৰ বহু বিশিষ্ট ব্যক্তিক দেখা গৈছে । তেওঁলোকৰ ভিতৰত বিশ্ব বিখ্যাত ফুটবলাৰ ডেভিদ বেকহামকো দেখা গৈছে (David Beckham Queens tribute ceremony)। শুকুৰবাৰে, ৰজা তৃতীয় চাৰ্লছৰ সৈতে তেওঁৰ ভাই-ভনী ৰাজকুমাৰী এনি আৰু প্ৰিন্স এণ্ড্ৰিউ আৰু এডৱাৰ্ডে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাগ লৈছিল ।

উল্লেখ্য যে সোমবাৰে স্থানীয় সময় অনুসৰি পুৱা ৬.৩০ বজাত দৰ্শনাৰ্থীৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বন্ধ কৰি দিয়া হ'ব । তাৰ পাছত ৰাষ্ট্ৰীয় অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি আৰম্ভ হ'ব । কফিনটো শোভাযাত্ৰাৰে ৰয়েল নেভিৰ ৰাষ্ট্ৰীয় বন্দুকবাহনলৈ লৈ যোৱা হ'ব ।

ৰজা চাৰ্লছ আৰু তেওঁৰ পুত্ৰ, প্ৰিন্স উইলিয়াম আৰু হেৰীয়ে কফিনটোৰ পিছে পিছে যাব । তাৰ পৰা কফিনটো সেৱাৰ বাবে এবেলৈ লৈ যোৱা হ'ব । তাত সেৱাৰ শেষত কফিনটো ৰজা, ৰাণী আৰু ৰাজপৰিয়ালৰ সদস্যসকলে অনুসৰণ কৰিব । জ্যেষ্ঠ ৰাজকীয়সকলে পুনৰ মধ্য লণ্ডনৰ এবেৰ পৰা ৱেলিংটন আৰ্কলৈ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব ।

ৱেলিংটন আৰ্কৰ পৰা কফিনটো প্ৰায় ৪০ কিলোমিটাৰ দূৰত্বৰ বাৰ্কশ্বায়াৰৰ উইণ্ডছৰলৈ লৈ যোৱা হ'ব । চূড়ান্ত সমাধি সেৱা ৰাজপৰিয়ালৰ বাবে সম্পূৰ্ণ ব্যক্তিগত হ'ব । স্থানীয় সময় অনুসৰি সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হ'ব এই সেৱা আৰু উইণ্ডছৰৰ ডীনৰ দ্বাৰা ই পৰিচালিত হ'ব ।

লগতে পঢ়ক :ব্ৰিটেইনৰ প্ৰবাসী ভাৰতীয়সকলৰ ৰাণীৰ মৃত্যুত শোক প্ৰকাশ

ABOUT THE AUTHOR

...view details