অসম

assam

ETV Bharat / international

১৫ মাৰ্চৰ ভিতৰত ভাৰতক সৈন্য প্ৰত্যাহাৰৰ নিৰ্দেশ মালদ্বীপৰ - Troops withdrawn from male

Male diplomatic row: ভাৰতক ১৫ মাৰ্চৰ ভিতৰত সামৰিক জোৱান প্ৰত্যাহাৰ কৰিবলৈ আহ্বান মালদ্বীপৰ । ভাৰত মহাসাগৰীয় দ্বীপপুঞ্জটোৱে ভাৰতৰ উচ্চায়ুক্ত মুনু মহাৱাৰ উপস্থিতিত এক উচ্চ পৰ্যায়ৰ মূল গোটৰ বৈঠকত ভাৰতক এই অনুৰোধ জনাইছে বুলি এক প্ৰতিবেদনত প্ৰকাশ পাইছে ।

Male diplomatic row
Male diplomatic row

By ETV Bharat Assamese Team

Published : Jan 14, 2024, 10:12 PM IST

নিউজ ডেস্ক, ১৪ জানুৱাৰী: মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজুৱে ভাৰতক ১৫ মাৰ্চৰ ভিতৰত নিজৰ দেশৰ পৰা সামৰিক জোৱান প্ৰত্যাহাৰ কৰিবলৈ কয়। মালেয়ে তেওঁলোকক আঁতৰাবলৈ বিচৰাৰ প্ৰায় দুমাহৰ পাছত দেওবাৰে এজন জ্যেষ্ঠ বিষয়াই এই কথা জনায় । শেহতীয়া চৰকাৰী পৰিসংখ্যা অনুসৰি মালদ্বীপত ভাৰতীয় ৮৮ জন সামৰিক জোৱান আছে ।

ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ ৰাজহুৱা নীতি সচিব আব্দুল্লা নাজিম ইব্ৰাহিমে এক প্ৰেছ মেলত কয় যে ৰাষ্ট্ৰপতি মুইজুৱে ভাৰতক আনুষ্ঠানিকভাৱে ১৫ মাৰ্চৰ ভিতৰত সামৰিক জোৱান প্ৰত্যাহাৰ কৰিবলৈ কয় বুলি ছানঅনলাইন কাকতখনে প্ৰকাশ কৰিছে । ভাৰতীয় সামৰিক জোৱান মালদ্বীপত থাকিব নোৱাৰে । ৰাষ্ট্ৰপতি ড৹ মহম্মদ মুইজুৱে লগতে এয়া প্ৰশাসনৰ নীতি বুলিও কয় ।

মালদ্বীপ আৰু ভাৰতে সৈন্য প্ৰত্যাহাৰৰ আলোচনাৰ বাবে এক উচ্চ পৰ্যায়ৰ মূল গোট গঠন কৰিছে । দেওবাৰে পুৱা মালে’স্থিত বৈদেশিক মন্ত্ৰালয়ৰ মুখ্য কাৰ্যালয়ত এই গোটটোৱে প্ৰথমখন বৈঠক অনুষ্ঠিত কৰে । এই বৈঠকত ভাৰতীয় উচ্চায়ুক্ত মুনু মহাৱাৰেও অংশগ্ৰহণ কৰে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে । নাজিমে বৈঠকত নিশ্চিত কৰি কয় যে ১৫ মাৰ্চৰ ভিতৰত সৈন্য প্ৰত্যাহাৰৰ অনুৰোধ জনাইছে মালদ্বীপে ।

ভাৰত চৰকাৰে ততাতৈয়াকৈ এই সংবাদ মাধ্যমৰ বাতৰি নিশ্চিত কৰা নাই বা এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই । যোৱা বছৰৰ ১৭ নৱেম্বৰত মালদ্বীপৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ কিছু সময়ৰ পাছতে চীনা সমৰ্থক নেতা হিচাপে গণ্য কৰা মুইজুৱে ভাৰতক আনুষ্ঠানিকভাৱে ভাৰতক নিজৰ দেশৰ পৰা সামৰিক জোৱান প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনাইছিল ৷ তেওঁ কয় যে মালদ্বীপৰ জনসাধাৰণে তেওঁক “কঠোৰ আদেশ” দিছে নতুন দিল্লীলৈ এই অনুৰোধ কৰিবলৈ ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে মুইজু চৰকাৰৰ তিনিজন উপ-মন্ত্ৰীয়ে প্ৰকাশ কৰা অপমানজনক মন্তব্যৰ পৰিপ্ৰেক্ষিতত দুয়োখন ৰাষ্ট্ৰৰ মাজত বিবাদৰ মাজতে ভাৰতীয় সামৰিক জোৱান প্ৰত্যাহাৰৰ বাবে এই অনুৰোধ জনাইছে । ছ’চিয়েল মিডিয়াত কৰা পোষ্টিঙৰ পিছত মুইজুৱে তিনিওজন মন্ত্ৰীক নিলম্বন কৰে, যিয়ে ভাৰতত উদ্বেগ জগাই তুলিছিল আৰু সংখ্যাৰ ফালৰ পৰা সৰ্বোচ্চ স্থান লাভ কৰা ভাৰতীয় পৰ্যটকক বৰ্জনৰ আহ্বান জনাইছিল ৷

সদ্য সমাপ্ত চীন ভ্ৰমণৰ সময়ত মুইজুৱে মালদ্বীপক বেইজিঙৰ ওচৰত একত্ৰিত কৰিবলৈ চেষ্টা কৰিছিল । চীনৰ পৰা উভতি অহাৰ পিছত শনিবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ৰাষ্ট্ৰপতি মুইজুৱে পৰোক্ষভাৱে ভাৰতক আক্ৰমণ কৰে । কোনো দেশৰ নাম নোলোৱাকৈয়ে তেওঁ ক'লে, "আমি সৰু হ'ব পাৰো, কিন্তু তাৰ দ্বাৰা আমাক গুণ্ডাগিৰি কৰাৰ অনুজ্ঞাপত্ৰ দিয়া নহয় ।"

অন্য দেশৰ পৰা অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, ঔষধ আৰু উপভোগ্য সামগ্ৰীৰ আমদানি নিশ্চিত কৰাকে ধৰি ভাৰতৰ ওপৰত দেশৰ নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ পৰিকল্পনাও মুইজুৱে ঘোষণা কৰে । ভেলানা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সমবেত সাংবাদিকক সম্বোধন কৰি তেওঁ কয় যে আমি কাৰো পিছফালে নাই । আমি এখন স্বাধীন আৰু সাৰ্বভৌম ৰাষ্ট্ৰ ।

মুইজুৱে কয় যে কোনো দেশৰ আকাৰ যিয়েই নহওক কিয়, দেশৰ ঘৰুৱা কাম-কাজৰ ওপৰত প্ৰভাৱ পেলোৱাৰ অধিকাৰ নাই । তেওঁ মালদ্বীপৰ ঘৰুৱা কাম-কাজত কোনো ধৰণৰ বাহ্যিক প্ৰভাৱ পেলাবলৈ নিদিয়ে বুলি প্ৰতিজ্ঞা কৰে । ইয়াত পূৰ্বৰ চৰকাৰে স্বাক্ষৰিত নতুন দিল্লীৰ সৈতে হোৱা ১০০ৰো অধিক দ্বিপাক্ষিক চুক্তিও পুনৰীক্ষণ কৰি আছে মালেয়ে ।

লগতে পঢ়ক:মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ সন্মুখত আন এক প্ৰত্যাহ্বান

ABOUT THE AUTHOR

...view details