ইন্টাৰনেশ্যনেল ডেস্ক, ১১ জানুৱাৰী :বুধবাৰে মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজুৱে চীন ভ্ৰমণৰ সময়ছোৱাত ৰাষ্ট্ৰপতি ঝি জিনপিঙক সাক্ষাৎ কৰে । বুধবাৰে দুয়োৰে মাজত হোৱা বৈঠকৰ অন্তত চীন আৰু মালদ্বীপে ২০ খন বৃহৎ চুক্তি স্বাক্ষৰ কৰে । ইয়াৰ উপৰিও দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কক এক ব্যাপক কৌশলগত আৰু সহযোগিতামূলক অংশীদাৰিত্বলৈ আগুৱাই নিয়াৰ বাবেও সহমতত উপনীত হয় ।
চীনৰ চৰকাৰী সংবাদ সংস্থা ছিনহুয়াৰ প্ৰতিবেদন অনুসৰি, দুয়ো ৰাষ্ট্ৰপতিৰ মাজত বহু গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বিষয়ত আলোচনা হয় । দুয়োৰে সাক্ষাৎকাৰটো গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে কাৰণ শেহতীয়াকৈ মালদ্বীপ আৰু ভাৰতৰ সম্পৰ্কত কিছু বিভেদ আহি পৰিছে ।
চীনৰ ৰাষ্ট্ৰপতি ঝি আৰু তেওঁৰ পত্নী পেং লিয়ুয়ানে গ্ৰেট হল অৱ দ্য পিপলত মুইজু আৰু তেওঁৰ পত্নী ছাজিদা মহম্মদক আনুষ্ঠানিকভাৱে আদৰণি জনায় । ৰাষ্ট্ৰপতি হোৱাৰ পিচত প্ৰথমবাৰৰ বাবে চীন ভ্ৰমণ কৰা মুইজুক ৰাজ্যিক আদৰণি জনোৱা হয় । মুইজুক ৰেড কাৰ্পেটত আদৰণি জনোৱা হয় আৰু ২১ বন্দুকৰ চেলুটো দিয়া হয় ।
দুয়ো ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ অনুষ্ঠানৰ সাক্ষী হৈছিল :