অসম

assam

By

Published : Jul 15, 2023, 11:45 AM IST

ETV Bharat / international

Macron took selfi with PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ সৈতে তোলা চেল্ফি টুইটাৰত শ্বেয়াৰ কৰিলে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নে

অন্ত পৰে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সফল দ্বিপাক্ষিক আলোচনাৰ । ইয়াৰ পিচতে টুইটাৰত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে মেক্ৰ’নে তোলা এখন চেল্ফি শ্বেয়াৰ কৰে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীয়ে । ফটোখনৰ তলত মেক্ৰ’নে কেপচনত লিখে, ‘ভাৰত আৰু ফ্ৰান্সৰ বন্ধুত্ব জীয়াই থাকক!’

French President shares selfie PM Modi
ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে প্ৰধানমন্ত্ৰী মোডী

ইণ্টাৰনেশ্যনেল ডেস্ক, 15 জুলাই : শুকুৰবাৰে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া পেৰিছ ভ্ৰমণৰ সময়ত তোলা এখন চেল্ফি তেওঁৰ সৈতে শ্বেয়াৰ কৰে । টুইটাৰত ৰাষ্ট্ৰপতি মেক্ৰ’নে প্ৰধানমন্ত্ৰী মোডীৰ সৈতে তোলা চেল্ফিখন পোষ্ট কৰি কেপচনত উল্লেখ কৰিছিল, “ফৰাচী আৰু ভাৰতীয়ৰ বন্ধুত্ব জীয়াই থাকক !” ভ্ৰমণৰ সময়চোৱাত মেক্ৰ’নে ভাৰত আৰু ফ্ৰান্সৰ মাজত কৌশলগত সম্পৰ্ক বৃদ্ধি সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ব্যাপক আলোচনাত মিলিত হৈছিল ।

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাৰ অন্তত সংবাদমেল সম্বোধন কৰি মেক্ৰ’নে কয় যে বেষ্টিল দিৱসৰ পেৰেডত পঞ্জাৱ ৰেজিমেণ্টক দেখি তেওঁ গৌৰৱ অনুভৱ কৰিছে । “ইয়াত পেৰিছৰ মাজমজিয়াত (বেষ্টিল ডে’ পেৰেডত) পঞ্জাৱ ৰেজিমেণ্টক দেখি মই গৌৰৱান্বিত হৈছিলো । আমি এটা ঐতিহাসিক ট্ৰাষ্টৰ ভিত্তিত আগবাঢ়িছো । আমি একেলগে বিশ্ব সংকটৰ সমাধান বিচাৰি উলিয়াব পাৰো ।’- সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে মেক্ৰ’নে ।

ফ্ৰান্সত পঢ়া-শুনা কৰিব বিচৰা ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ ভিছা নীতিৰ বিষয়ে কোৱাৰ সময়ত তেওঁ কয় যে আমি যুৱ প্ৰজন্মক উপেক্ষা কৰিব নোৱাৰো । 2030 চনৰ ভিতৰত আমি 30,000 ফৰাচী ছাত্ৰ-ছাত্ৰীক তালৈ (ভাৰতলৈ) পঠিয়াব বিচাৰো । ফ্ৰান্সত উচ্চ শিক্ষা গ্ৰহণ কৰিব বিচৰা ভাৰতীয় যুৱক-যুৱতীসকলৰ বাবে আমি এক অনুকূল ভিছা নীতি প্ৰণয়ন কৰিব বিচাৰো ।”

উল্লেখ্য যে, মেক্ৰ’নে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পেৰিছলৈ আদৰণি জনোৱাৰ সময়ত হিন্দী ভাষাত টুইট কৰিছিল । ফ্ৰান্সৰ ৰাষ্ট্ৰীয় দিৱস উদযাপনৰ বাবে প্ৰধানমন্ত্ৰী মোডীক সন্মানীয় অতিথি হিচাপে আমন্ত্ৰণ জনোৱা সময়ত মেক্ৰ’নে কয় যে ভাৰত আৰু ফ্ৰান্সে বিশ্বাস-বন্ধুত্বৰে গঢ়া কৌশলগত অংশীদাৰিত্বৰ 25 বছৰ উদযাপন কৰিছে ।

বৃহস্পতিবাৰে ইলিচি পেলেচত নিশাৰ আহাৰ গ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ জনাইছিল ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰ’ন আৰু ফাৰ্ষ্ট লেডী ব্ৰীজিট মেক্ৰ’নে ।

লগতে পঢ়ক :Manipur violence : মণিপুৰত তদন্ত আয়োগৰ অধ্যক্ষ ন্যায়াধীশ অজয় ​​লাম্বা

ABOUT THE AUTHOR

...view details