ইণ্টাৰনেশ্যনেল ডেস্ক,১২ ফেব্ৰুৱাৰী :প্ৰকৃতিৰ কিছুমান ৰূপ অপ্ৰত্যাশিত আৰু আশ্চৰ্যজনক । প্ৰকৃতিৰ তেনে এক ৰূপ বন্দী হৈছে কেমেৰাত । যাৰ পৰা প্ৰকৃতিৰ অনন্য ৰূপ উপলব্ধি কৰিব পাৰি । শেহতীয়াকৈ ব্ৰাজিলৰ আটাইতকৈ ওখ স্মাৰকত একেই ঘটনা সংঘটিত হৈছে । খ্ৰীষ্ট দ্য ৰিডিমাৰ মূৰ্তিটোত বজ্ৰপাতৰ এক শ্বাসৰুদ্ধকাৰী দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে (Christ the Redeemer statue in Brazil)।
যি দৃশ্যই সকলোকে আচৰিত কৰি তুলিছে । ঘটনাটো ১০ ফেব্ৰুৱাৰীৰ বুলি জানিব পৰা গৈছে । বজ্ৰপাতৰ বৈদ্যুতিক তৰংগই মূৰ্তিটোৰ ওপৰৰ অংশত আঘাত কৰিছিল (Lightning hitting the Christ the Redeemer statue)। উল্লেখ্য যে ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিয়াত অৱস্থিত এই প্ৰতিমূৰ্তিটো প্ৰতি বছৰে প্ৰায় ২০ লাখ লোকে দৰ্শন কৰে ।
ইফালে ২০১৪ চনতো বজ্ৰপাতৰ ফলত মূৰ্তিটোৰ কিছু ক্ষতিগ্ৰস্ত হৈছিল (Lightning strike damaged Christ the Redeemer)। মূৰ্তিটো কেইবাবাৰো বজ্ৰপাতৰ প্ৰভাৱত পৰিছে । ক্ষতি হোৱা স্বত্বেও, প্ৰতিমূৰ্তিটো ব্ৰাজিলৰ আটাইতকৈ চৰ্চিত স্থানবোৰৰ ভিতৰত অন্যতম হৈ আহিছে আৰু প্ৰতি বছৰে লাখ লাখ লোকক আকৰ্ষিত কৰি আহিছে । প্ৰতিবছৰে লোকসকলে প্ৰতিমূৰ্তিটো সৌন্দৰ্য উপভোগ কৰাৰ লগতে ভগৱান যীচুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আহে । মূৰ্তিটো পৰ্যটক আৰু স্থানীয় লোকসকলৰ বাবে এক জনপ্ৰিয় গন্তব্য স্থান হৈ আহিছে ।