ইণ্টাৰনেচনেল ডেস্ক, ১৫ মাৰ্চ :বুধবাৰে লাহোৰ উচ্চ ন্যায়ালয়ে জামান পাৰ্কত আৰক্ষীৰ অভিযান বৃহস্পতিবাৰে পুৱা ১০ বজালৈকে বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰে । যাৰ ফলত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা পাকিস্তান তেহৰিক ইনচাফৰ (Pakistan Tahreek Insaaf, PTI) মুৰব্বী ইমৰাণ খানে সাময়িক সকাহ লাভ কৰে । আদালতৰ পৰা এই নিৰ্দেশ আৰক্ষী আৰু পিটিআই কৰ্মীসকলৰ মাজত কেইবা ঘণ্টা ধৰি হোৱা কাজিয়াৰ কেইঘণ্টামান পিচত আহে (Lahore HC orders halt on Imran Khans arrest) ।
আদালতৰ নিৰ্দেশৰ পূৰ্বে, আইন প্ৰৱৰ্তনকাৰী সংস্থাসমূহে বুধবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ সমৰ্থকৰ বিৰুদ্ধে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ তেওঁলোকৰ অভিযান অব্যাহত ৰাখিছিল (PTI Chief Imran Khan) । লাহোৰ হাইকোৰ্টৰ ন্যায়াধীশ তাৰিক ছালিম শ্বেইখে জামান পাৰ্কৰ বাহিৰত হোৱা 'অত্যাচাৰ' বন্ধ কৰিবলৈ বিচৰা পিটিআই নেতা ফাৱাদ চৌধুৰীৰ দ্বাৰা দাখিল কৰা এখন আবেদনৰ শুনানিৰ সময়ত এই নিৰ্দেশ প্ৰদান কৰে । আনহাতে, দিনটোৰ আৰম্ভণিতে ইমৰাণ খানে বিবৃতি দিয়ে যে তেওঁ ন্যায়াধীশসকলৰ ওপৰত দুটা আক্ৰমণৰ কথা উল্লেখ কৰি নিৰাপত্তাজনিত কাৰণত পূৰ্বৰ শুনানিবোৰত উপস্থিত থকাৰ পৰা বিৰত আছিল (Imran Khans arrest operation Halt) ।
উল্লেখ্য, পিটিআই কৰ্মীসকলে জামান পাৰ্কৰ বাহিৰত প্ৰতিবাদ কৰি থকাৰ সময়তে আইন প্ৰৱৰ্তনকাৰী সংস্থাবোৰে (law enforcement agencies of Pakistan) তেওঁলোকক পিচলৈ খেদি পঠায় । সংবাদ মাধ্যম ডনৰ বাতৰি অনুসৰি, আৰক্ষীৰ মতে, পাকিস্তান ছুপাৰ লীগৰ খেলসমূহ চলি থকাৰ বাবে আদালতৰ নিৰ্দেশিত অভিযান বন্ধ ৰখা হৈছে । "চলিত পাকিস্তান ছুপাৰ লীগ (Pakistan Super League, PSL) ৮ ক্ৰিকেট মেচ শেষ নোহোৱালৈকে আৰক্ষীয়ে ইমৰাণ খানৰ বাসগৃহলৈ আগবাঢ়িব নোৱাৰে ।" আৰক্ষী বিষয়াসকলৰ উদ্ধৃতিৰে সূত্ৰই কয় ।