ইণ্টাৰনেশ্যনেল ডেস্ক, 1 নৱেম্বৰ :কেৰালাৰ দুইগৰাকী নাৰ্ছে ইজৰাইললৈ সমৰ্থন আগবঢ়াই নিজৰ স্থিতি প্ৰকাশ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কুৱেইট প্ৰশাসনে দুয়োগৰাকীক দেশৰ পৰা বিতাড়নৰ নিৰ্দেশ জাৰি কৰিছে । দুয়োগৰাকী নাৰ্ছে সামাজিক মাধ্যমত ইজৰাইলৰ সমৰ্থনত পোষ্ট কৰিছিল যাৰ ফলত তেওঁলোকক কুৱেইটৰ পৰা বিতাড়ন কৰা হৈছে । ইয়াৰে এগৰাকী নাৰ্ছক অনুশাসনমূলক ব্যৱস্থাৰ অংশ হিচাপে কুৱেইটৰ পৰা বিতাড়িত কৰা হৈছে ।
ইজৰাইলৰ সৈতে সংহতি প্ৰকাশ কৰি হোৱাটছএপত নিজৰ স্থিতি আপলোড কৰাৰ পিচতে কুৱেইট কৰ্তৃপক্ষই দেশখনৰ পৰা আন এগৰাকী নাৰ্ছক বহিষ্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । নতুন দিল্লীত এই কথা নিশ্চিত কৰাৰ সময়ত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ভি মুৰলীধৰণে সংবাদমেলত কয় যে, দ্বিতীয়গৰাকী নাৰ্ছক বিতাড়নৰ নিৰ্দেশ জাৰি কৰা বুলি বৈদেশিক মন্ত্ৰালয়ে তথ্য লাভ কৰিছে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভাৰতীয় দূতাবাসৰ বিষয়াসকলে দুয়োগৰাকী নাৰ্ছকে কেৰালালৈ ঘূৰাই অনাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰিব ।