অসম

assam

ETV Bharat / international

Israeli-Palestinian war: যুদ্ধ অব্যাহত-অবৰ্ণনীয় পৰিস্থিতি গাজাত; মৃতকৰ সংখ্যা 2200 অতিক্ৰম - পেলেষ্টাইনৰ গাজা ষ্ট্ৰিপ

ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত অব্যাহত আছে ভয়ংকৰ যুদ্ধ ৷ এই যুদ্ধত বৰ্তমানলৈকে প্ৰায় 2200 লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ যুদ্ধ আৰু অধিক ভয়ংকৰ হোৱাৰ আশংকা ৷

Israeli-Palestinian war
Israeli Palestinian war updates

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 9:43 PM IST

নিউজ ডেস্ক, 11 অক্টোবৰ: বুধবাৰে ইজৰাইল আৰু হামাছৰ মাজত অব্যাহত আছে তুমুল যুদ্ধ ৷ ইজৰাইলৰ যুদ্ধ বিমানে পেলেষ্টাইনৰ গাজা ষ্ট্ৰিপত এটাৰ পিচত আন এটা অঞ্চলৰ অট্টালিকাসমূহ ধ্বংসাৱশেষলৈ পৰিণত কৰিছে ৷ এই যুদ্ধত শ-শ লোকৰ মৃত্যু হোৱাৰ লগতে নিৰাপত্তা বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে অসংখ্যজনে ৷

মানৱ অধিকাৰ গোটসমূহে এনে ক’ৰিডৰ সৃষ্টিৰ বাবে অনুৰোধ জনাইছে, যাৰ দ্বাৰা আৰ্তসকলক সাহায্য প্ৰদানৰ সুবিধা হয়৷ চিকিৎসালয়সমূহ আহত লোকেৰে ভৰি পৰিছে আৰু আৰু চিকিৎসাৰ ব্যাপক অভাৱ ঘটিছে ৷ শনিবাৰে ইজৰাইলত হামাছৰ ৰক্তাক্ত আক্ৰমণৰ প্ৰত্যুত্তৰত ইজৰাইলে গাজাত খাদ্য, ইন্ধন আৰু ঔষধৰ সৰবৰাহ বন্ধ কৰি দিছে ৷ ইজিপ্তৰ পৰা বাকী থকা একমাত্ৰ প্ৰৱেশ পথটো মঙলবাৰে সীমান্ত ক্ৰছিঙৰ ওচৰত বিমান আক্ৰমণৰ ফলত বন্ধ হৈ পৰে ৷

ইজৰাইলৰ এজন শীৰ্ষ বিৰোধী ৰাজনীতিবিদে কয় যে তেওঁ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে যুদ্ধকালীন ঐক্য চৰকাৰত প্ৰৱেশৰ বাবে চুক্তিত উপনীত হৈছে ৷ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী তথা সামৰিক মুৰব্বী বেনি গেণ্টজে নেতান্যাহুৰ সৈতে যৌথ বিবৃতিত কথাখিনি প্ৰকাশ কৰে ৷ বিবৃতিটোত কোৱা হৈছে যে তেওঁলোকে পাঁচজনীয়া “যুদ্ধ-ব্যৱস্থাপনা” মন্ত্ৰীসভা গঠন কৰিব ৷ ইয়াত নেতান্যাহু, গাণ্টজ, বৰ্তমানৰ প্ৰতিৰক্ষা মন্ত্ৰী যোয়াভ গেলেণ্ট আৰু আন দুজন শীৰ্ষ বিষয়াই “পৰ্যবেক্ষক” সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিব ৷

ইয়াত কোৱা হৈছে যে যুদ্ধ চলি থকালৈকে যুদ্ধৰ সৈতে জড়িত নোহোৱা কোনো আইন বা সিদ্ধান্ত চৰকাৰে গৃহীত নকৰে ৷ উগ্ৰ সোঁপন্থী আৰু অতি গতানুগতিক দলৰ নেতান্যাহুৰ বৰ্তমানৰ চৰকাৰী অংশীদাৰসকলৰ কি হ’ব সেয়া তৎক্ষণাত স্পষ্টকৈ ক’ব পৰা নাযায় ৷

দুয়োপক্ষৰ কমেও ২২০০ লোকৰ প্ৰাণ কাঢ়ি নিয়া যুদ্ধখন তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে ৷ মঙলবাৰে ইজৰাইলৰ উত্তৰ সীমান্তৰ ওপৰত লেবানন আৰু ছিৰিয়াত উগ্ৰপন্থীৰ সৈতে নতুনকৈ গুলীচালনা সংঘটিত হোৱা ঘটনাই আঞ্চলিক সংঘাত সম্প্ৰসাৰিত হোৱাৰ আশংকাৰ কথা সূচাইছে ৷ ইজৰাইলৰ সেনাই জনোৱা মতে, শনিবাৰৰ আগ্ৰাসনৰ পিছত ইজৰাইলত ১৫৫ জন জোৱানকে ধৰি ১২০০ৰো অধিক লোকৰ মৃত্যু হৈছে ৷

গাজাত ২৬০ জন শিশু আৰু ২৩০ গৰাকী মহিলাকে ধৰি ১০৫০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫১০০ জন আহত হৈছে ৷ ইজৰাইলে কয় যে ইয়াৰ ভিতৰত শ শ হামাছৰ যোদ্ধাও আছে ৷ দুয়োফালে হাজাৰ হাজাৰ লোক আহত হৈছে ৷ ৰাষ্ট্ৰসংঘৰ পেলেষ্টাইনী শৰণাৰ্থী সংস্থাই প্ৰকাশ কৰা অনুসৰি গাজাত ২ লাখ ৫০ হাজাৰ লোক স্থানচ্যুত হৈছে ৷

ইজৰাইল আৰু ইয়াৰ বাহিৰতো হামাছ আৰু অন্যান্য উগ্ৰপন্থী সংগঠনে অপহৰণ কৰা ১৫০ জনতকৈ অধিক লোকৰ পৰিয়ালে নিজৰ আপোনজনৰ জীৱনৰ বাবে আশংকা কৰিছিল ৷

লগতে পঢ়ক:Putin on Hamas Israel war : মধ্যপ্ৰাচ্যত বিফল হৈছে আমেৰিকাৰ নীতি; হামাছ-ইজৰাইল যুদ্ধ সন্দৰ্ভত পুটিন

ABOUT THE AUTHOR

...view details