ইণ্টাৰনেশ্যনেল ডেস্ক, ১ জানুৱাৰী :কোৰিয়া উপদ্বীপত যিকোনো সময়তে সংঘৰ্ষ হোৱাৰ সতৰ্কবাণী জাৰি কৰিলে উত্তৰ কোৰিয়াৰ নেতা কিম জং-উনে । তেনে পৰিস্থিতি হ'লে বিনা সংকোচে আমেৰিকা আৰু দক্ষিণ কোৰিয়াক সম্পূৰ্ণ ধ্বংস কৰিবলৈ দেশখনৰ সেনা বাহিনীক সাজু থাকিবলৈও নিৰ্দেশ দিছে কিম জং-উনে । কিমে সামৰিক বাহিনীৰ তৎপৰতাৰ ভংগী নিখুঁত কৰিবলৈ আহ্বান জনাই কয় যে কোৰিয়া উপদ্বীপ সশস্ত্ৰ সংঘৰ্ষৰ সন্মুখীন হৈছে আৰু যিকোনো সময়তে সংঘৰ্ষ হ'ব পাৰে ।
কেচিএনএ-ৰ তথ্য অনুসৰি দেওবাৰে শাসনাধিষ্ঠিত ৱৰ্কৰ্ছ পাৰ্টিৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যালয় ভৱনত কোৰিয়ান পিপলছ আৰ্মীৰ মুখ্য কমাণ্ডিং বিষয়াসকলৰ সৈতে হোৱা বৈঠকত কিমে এই মন্তব্য কৰে । বৈঠকত কিমে বিতংভাৱে বিশ্লেষণ কৰি কয় যে কোৰিয়া উপদ্বীপৰ গুৰুত্বপূৰ্ণ নিৰাপত্তা পৰিৱেশ সশস্ত্ৰ সংঘৰ্ষৰ দিশে গৈ আছে আৰু আমেৰিকা আৰু অন্যান্য শত্ৰু শক্তিৰ সামৰিক সংঘৰ্ষৰ দিশে আগবাঢ়িছে । তেওঁ কয় যে পৰিস্থিতিয়ে ডিপিআৰকেৰ নিৰাপত্তা আৰু শান্তি সুৰক্ষিত কৰাৰ বাবে সাজু হোৱাৰ তাৎক্ষণিকতা সূচায় আৰু সেনাৰ নিয়মীয়া সামৰিক সঁহাৰিৰ ভঙ্গী নিখুঁত কৰে ।
কিমে লগতে বৈঠকখনত কয় যে এই সশস্ত্ৰ সংঘৰ্ষ যিকোনো সময়তে সংঘটিত হ'ব পাৰে । তেওঁ দাবী কৰা মতে কোৰিয়াৰ বিপ্লৱ যিমানে ক্ষিপ্ৰতাৰে আগবাঢ়িব আমেৰিকাৰ সাম্ৰাজ্যবাদী আৰু আৰ.ও.কে. গোটে ইয়াক বন্ধ কৰিবলৈ চেষ্টা কৰিব ।