ইন্টাৰনেশ্যনেল ডেস্ক, 1 জানুৱাৰী : বিশ্বৰ বিভিন্ন প্ৰান্তত মাজনিশা ইংৰাজী নতুন বৰ্ষক লৈ আনন্দ-উল্লাস পৰিৱেশ দেখা গ’ল ৷ বিভিন্ন চহৰত আলোক সজ্জাৰে ৰঙীন হৈ পৰিছিল, আয়োজন কৰা হৈছে ব্যতিক্ৰমী অনুষ্ঠানৰ ৷ কিন্তু পাকিস্তানৰ ৰাজধানী কৰাচীত একাংশ লোকে আনন্দ ফূৰ্তিতে শূন্যলৈ গুলীচালনা কৰি ইংৰাজী নৱ বৰ্ষটোক আদৰিলে ৷ সেই আনন্দ ফূৰ্তিতে শূন্যলৈ গুলীচালনাৰ ফলত 11 জনকৈ লোক আহত হৈছে ৷
নিশা হোৱা ঘটনাৰ পাছতে তৎপৰ হৈছে কৰাচী আৰক্ষীয়ে ৷ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে কয়, ‘‘ইংৰাজী নৱবৰ্ষৰ আদৰা অনুষ্ঠানত একাংশ লোকে শূন্যলৈ গুলীচালনা কৰিছিল ৷ কৰাচীৰ বিভিন্ন স্থানত কেইবাটাও স্থানত শূন্যলৈ গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল ৷ প্ৰথমটো ঘটনা সিন্ধুৰ গুলশন টাউনৰ সমীপৰ বাহাদুৰাবাদত হৈছিল ৷ ফলত সাত বছৰীয়া এটি শিশু আহত হয় । ইফালে ফাইভ ষ্টাৰ চৌধুৰীত হোৱা গুলীচালনাত তিনিজন, চি ভি উত আন দুজন আৰু লিয়াকত আবাদ আৰু উত্তৰ নাজিমাবাদত এজনকৈ লোক আহত হৈছে ৷’’