ইণ্টাৰনেশ্যনেল ডেস্ক,১৩ জুলাই :আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথমগৰাকী মহিলা উপ-ৰাষ্ট্ৰপতি হিচাপে ইতিহাস ৰচনা কৰা ভাৰতীয় মূলৰ কমলা হেৰিছৰ আন এক অভিলেখ সৃষ্টি । পূৰ্বৰ অভিলেখ ভংগ কৰি ছিনেটত সৰ্বাধিক টাইব্ৰেকিং ভোট প্ৰদান কৰিলে কমলা হেৰিছে ।
উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ অভিলেখ সৃষ্টিকাৰী ৩১ সংখ্যক ভোটটোৰ জৰিয়তে কল্পনা কোটাগলৰ মনোনয়ন নিশ্চিত হয় । ইয়াৰ পূৰ্বে এই অভিলেখৰ গৰাকী আছিল প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জন চি. কেলহাউন । যি ১৮২৫ চনৰ পৰা ১৮৩২ চনলৈ উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কমলা হেৰিছে কয় যে তেওঁৰ বাবে এয়া এক বিশেষ মুহূৰ্ত আৰু তেওঁ আশাবাদী যে যথেষ্ট কৰিবলৈ আৰু বাকী আছে ।
কমলা হেৰিছে লগতে কয় যে তেওঁৰ মাতৃয়ে এক বিশেষ পৰামৰ্শ দিছিল । তেওঁ কৈছিল যে কমলা হেৰিছে বহুতো কাম কৰা প্ৰথমগৰাকী ব্যক্তি হ'ব পাৰে । সেই পৰামৰ্শ যাতে পালন কৰিব পাৰে তাৰ বাবে চেষ্টা কৰিব বুলি হেৰিছে উল্লেখ কৰে । ৮ বছৰত কেলহাউনৰ অভিলেখ হেৰিছে আঢ়ৈ বছৰৰ ভিতৰতে ভংগ কৰিলে । এক সংকীৰ্ণভাৱে বিভক্ত ছিনেট আৰু তীব্ৰ পক্ষপাতমূলক পৰিৱেশৰ মাজতো কমলা হেৰিছৰ এই অভিলেখ অনন্য হিচাপে পৰিগণিত হৈছে ।