ইণ্টাৰনেশ্যনেল ডেস্ক,২ অক্টোবৰ :খালিস্তানী নেতা হৰদীপ সিং নিজ্জাৰৰ হত্যাত ভাৰত জড়িত থকাৰ অভিযোগ কৰিছিল কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে । ভাৰতৰ বিৰুদ্ধে মুকলিকৈ অভিযোগ কৰাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকী ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে । ভাৰতে এই অভিযোগ অস্বীকাৰ কৰাৰ লগতে তথ্য প্ৰমাণ দিবলৈ প্ৰত্যাহ্বান জনাইছে । ভাৰতৰ লগতে বিভিন্ন পক্ষইও কানাডাৰ প্ৰধানমন্ত্ৰীগৰাকীক সমালোচনা কৰা দেখা গৈছে ।
এইবাৰ স্পেচএক্সৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া ইলন মাস্কেও কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো চৰকাৰক আক্ৰমণ কৰে । অনলাইন ষ্ট্ৰীমিং সেৱাসমূহৰ বাবে 'নিয়ামক নিয়ন্ত্ৰণ'ৰ বাবে চৰকাৰৰ ওচৰত আনুষ্ঠানিকভাৱে পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰাৰ পাছতে কানাডা চৰকাৰক সমালোচনা কৰে এক্সৰ মুৰব্বী মাস্কে ।
মাস্কে সাংবাদিক তথা লেখক গ্লেন গ্ৰীণৱাল্ডৰ এটা পোষ্টৰ সঁহাৰি দি মন্তব্য প্ৰকাশ কৰে । গ্ৰীণৱাল্ডে এক্সত পোষ্ট কৰি কয়, "বিশ্বৰ আটাইতকৈ দমনমূলক অনলাইন চেন্সৰশ্বীপ নীতিৰ সৈতে সজ্জিত কানাডিয়ান চৰকাৰে ঘোষণা কৰিছে যে সকলো "পডকাষ্ট আগবঢ়োৱা অনলাইন ষ্ট্ৰীমিং সেৱাসমূহে" নিয়ামক নিয়ন্ত্ৰণৰ অনুমতি দিবলৈ চৰকাৰৰ ওচৰত আনুষ্ঠানিকভাৱে পঞ্জীয়ন কৰিব লাগিব ।"