অসম

assam

Sexual abuse case against Trump : যৌন উৎপীড়নৰ গোচৰত দোষী ট্ৰাম্প, ৫ নিযুত ডলাৰৰ জৰিমনা

By

Published : May 11, 2023, 6:02 AM IST

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ সন্মুখত আন এক বিপদ (Donald Trump in trouble)। যৌন উৎপীড়নৰ এক গোচৰত দোষী সাব্যস্ত ড'নাল্ড ট্ৰাম্প । আদালতৰ ৰায়দানৰ বিৰুদ্ধে আপীল কৰিব ট্ৰাম্পে ।

Sexual abuse case against Trump
যৌন উৎপীড়নৰ গোচৰত দোষী ট্ৰাম্প

ইণ্টাৰনেশ্যনেল ডেস্ক,১০ মে' :এইবাৰ যৌন উৎপীড়ন গোচৰত দোষী সাব্যস্ত হ'ল আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প (Jury finds Trump liable for sexual abuse)। ১৯৯০ৰ দশকত লেখিকা ই জিন কেৰোলক যৌন উৎপীড়ন চলোৱাৰ অভিযোগ আছিল ট্ৰাম্পৰ বিৰুদ্ধে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক বিচাৰপীঠে ৰায় প্ৰদান কৰি যে লেখিকা ই জিন কেৰোলক যৌন উৎপীড়ন চলোৱাৰ লগতে ট্ৰাম্পে লেখিকাগৰাকীক মিছলীয়া বুলি বদনামো কৰিছিল ।

বিচাৰপীঠৰ ৰায়দানে পুনৰ এবাৰ ট্ৰাম্পৰ ৰাজনৈতিক কেৰিয়াৰত আঘাত হানিলে । কিয়নো এই সিদ্ধান্তটোৱে তেওঁৰ ২০২৪ চনৰ নিৰ্বাচনী প্ৰচাৰক প্ৰভাৱিত কৰিব পাৰে বুলি আশংকা কৰা হৈছে । মঙলবাৰে আবেলি ম্যানহাটান ফেডাৰেল আদালতে এই ৰায়দান কৰা হয় (Sexual abuse case against Trump)।

লেখিকা কেৰোলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ বিৰুদ্ধে ১৯৯০ৰ দশকৰ মাজভাগত নিউয়ৰ্ক চিটিৰ ডিপাৰ্টমেণ্টেল ষ্ট'ৰত যৌন নিৰ্যাতন কৰা আৰু তাৰ পাছত তেওঁৰ অভিযোগ খাৰিজ কৰি বদনাম কৰাৰ অভিযোগ উত্থাপন কৰিছিল । ৯ জনীয়া বিচাৰপীঠে মঙলবাৰে কয় যে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে কেৰোলক ধৰ্ষণ কৰা নাছিল যদিও যৌন উৎপীড়ন আৰু মানহানিৰ বাবে ট্ৰাম্প দোষী । বিচাৰপীঠে এলি আলোচনীৰ প্ৰাক্তন লেখিকাক ক্ষতিপূৰণ আৰু শাস্তিমূলক ক্ষতিপূৰণৰ বাবে প্ৰায় ৫ নিযুত ডলাৰৰ বাবে যোগ্য বুলি ঘোষণা কৰে ।

যিহেতু এইটো এটা অসামৰিক বিষয় আছিল ট্ৰাম্পে কোনো অপৰাধমূলক পৰিণামৰ সন্মুখীন নহ'ব । ট্ৰাম্পৰ মুখপাত্ৰ ষ্টিভেন চেউঙে মঙলবাৰে কয় যে প্ৰাক্তন ৰাষ্ট্ৰপতিয়ে পুনৰ আপীল কৰিব । ইয়াৰ অৰ্থ হৈছে যদি আদালতত এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনোৱা হয় তেওঁলোকে ক্ষতিপূৰণ দিব নালাগে । মঙলবাৰে ৰায় ঘোষণা হোৱাৰ লগে লগে কেৰোলে তেওঁৰ অধিবক্তাসকলক ধন্যবাদ জ্ঞাপন কৰে । অৱশ্যে সংবাদমাধ্যমৰ সন্মুখত কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকে কেৰোল (E Jean Carroll)।

অৱশ্যে পাছত এক বিবৃতিত কেৰোলে লিখিছে যে তেওঁ ন্যায়ৰ বাবে ড'নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰিছিল । বৰ্তমান সমগ্ৰ পৃথিৱীয়ে সত্যটো জানিছে । এই বিজয় কেৱল তেওঁৰ বাবে নহয় প্ৰতিগৰাকী মহিলাৰ বাবে বুলি তেওঁ উল্লেখ কৰে । উল্লেখ্য যে ট্ৰাম্প বিচাৰপীঠৰ সন্মুখত উপস্থিত হোৱা নাছিল । ৰায়দানৰ অন্তত ড'নাল্ড ট্ৰাম্পে সামাজিক মাধ্যমত লিখিছে যে তেওঁ কেৰোলক চিনি নাপায় ।

প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে মঙলবাৰে কৈছে যে তেওঁ ম্যানহাটান ফেডাৰেল বিচাৰপীঠৰ সিদ্ধান্তৰ বিৰুদ্ধে আপীল কৰিব । ট্ৰাম্পে গোটেই গোচৰটোৰ শুনানিক অতি অন্যায় বুলি অভিহিত কৰে । তেওঁ কয় যে এই সিদ্ধান্তৰ বিৰুদ্ধে তেওঁলোকে যুঁজিব ।

লগতে পঢ়ক :Travel advisory for foreign citizens in Pakistan: পাকিস্তানত থকা বিদেশী নাগৰিকৰ বাবে বিশেষ পৰামৰ্শ

ABOUT THE AUTHOR

...view details