ইণ্টাৰনেশ্যনেল ডেস্ক, 8 ছেপ্টেম্বৰ:18 সংখ্যকG20 সন্মিলনত অংশগ্ৰহৰ বাবে ভাৰতলৈ বৃহস্পতিবাৰে ৰাওনা হোৱা মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেন শুকুৰবাৰ অৰ্থাৎ 8 আগষ্টৰ সন্ধিয়া নতুন দিল্লীত উপস্থিত হ’ব বুলি জানিব পৰা গৈছে ৷ সন্মিলনৰ বাবে ভাৰত ভ্ৰমণৰ সময়ত বাইডেনে চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচন (চিডিচি)ৰ ক’ভিড-19 ৰ গাইডলাইন মানি চলিব বুলি হোৱাইট হাউছে প্ৰকাশ কৰিছে ।
সোমবাৰে ফাৰ্ষ্ট লেডী জিল বাইডেন (72)ৰ দেহত ধৰা পৰে কোভিড-19 পজিটিভ । ইয়াৰ পিচতে 80 বছৰীয়া মাৰ্কিন ৰাষ্ট্ৰপতি বাইডেনৰ ক’ভিড টেষ্ট কৰা হৈছিল যদিও তেওঁৰ ফলাফল নিগেটিভ পোৱা গৈছিল । কোভিড পজিটিভ পোৱাৰ পাছত ডেলাৱেৰৰ ঘৰত কোৱাৰেণ্টাইন হৈ থকা ফাৰ্ষ্ট লেডীগৰাকী ৰাষ্ট্ৰপতিৰ সৈতে ভাৰত আৰু ভিয়েটনামলৈ যোৱা নাই । অৱশ্যে বৃহস্পতিবাৰে তেওঁৰ কাৰ্যালয়ে জনায় যে ফাৰ্ষ্ট লেডী জিল বাইডেন ক’ভিড নিগেটিভ ৷
বায়ুসেনা ৱানত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে যাত্ৰা কৰা লোকসকলৰ ভিতৰত আছে আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক চুলিভান, উপ-মুখ্য কৰ্মচাৰী জেন অ’মেলি ডিলন আৰু অ’ভেল অফিচৰ পৰিচালনাৰ সঞ্চালক এনি টমাচিনি । ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে প্ৰধান উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জন ফাইনাৰ, প্ৰেছ সচিব কেৰিন জিন-পিয়েৰ, ভাষণৰ সঞ্চালক ভিনাই ৰেড্ডী, যোগাযোগ সঞ্চালক বেন লাবল্ট, সময়সূচী আৰু এডভান্সৰ সঞ্চালক ৰিয়ান মণ্টোয়া, প্ৰট’কলৰ ভাৰপ্ৰাপ্ত মুৰব্বী ইথান ৰ’জেনজৱেইগ, এন এছ চিৰ কৌশলগত যোগাযোগৰ সমন্বয়ক জন কিৰ্বি, শক্তি আৰু বিনিয়োগৰ জ্যেষ্ঠ উপদেষ্টা এমোছ হচষ্টেইন, যোগাযোগৰ উপ-সঞ্চালক হাৰ্বি জিস্কেণ্ড, দক্ষিণ এছিয়াৰ জ্যেষ্ঠ সঞ্চালক হাৰ্বি জিস্কেণ্ড, ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ জ্যেষ্ঠ সঞ্চালক আইলিন ল'বাচাৰ আদি ।