ইন্টাৰনেশ্যনেল ডেস্ক, 22 জুন :ৱাশ্বিংটন ডি চিৰ হোৱাইট হাউছত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । হোৱাইট হাউছত উপস্থিত হোৱাৰ লগে লগে মোদীক আদৰণি জনায় আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু ফাৰ্ষ্ট লেডী জিল বাইডেনে ৷
বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু জিল বাইডেনৰ আমন্ত্ৰণমৰ্মে ৰাতিৰ আহাৰ গ্ৰহণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ প্ৰধানমন্ত্ৰী মোদীৰ লগতে বাইডেন পৰিয়ালে আয়োজন কৰা এই নৈশ আহাৰৰ অনুষ্ঠানত প্ৰায় 400 গৰাকী অতিথিয়ে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ৷ আমেৰিকা ভ্ৰমণৰ দ্বিতীয় দিনা অৰ্থাৎ বৃহস্পতিবাৰে ৱাশ্বিংটনস্থিত জইণ্ট বেছ এণ্ড্ৰুজত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী ।
প্ৰধানমন্ত্ৰী মোদী আৰু বাইডেনে যৌথ সংবাদমেল সম্বোধন কৰিব :
তথ্য অনুসৰি, নিশাৰ আহাৰ গ্ৰহণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ সৈতে আলোচনাত মিলিত হ’ব । হোৱাইট হাউছে প্ৰকাশ কৰা বিবৃতি অনুসৰি, বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু প্ৰধানমন্ত্ৰী মোদীয়ে এখনি যৌথ সংবাদমেল সম্বোধন কৰিব ।