ইণ্টাৰনেচনেল ডেস্ক, ৪ অক্টোবৰ :উত্তৰ কোৰিয়াই টকিঅ'ৰ ওপৰেৰে উৰি যোৱা এটা অচিনাক্ত বেলিষ্টিক মিছাইল নিক্ষেপ কৰাৰ পিছত (North Korea fired ballistic missile over Tokyo) জাপানে মঙলবাৰে আৱাসীসকলক নিৰাপদ স্থানত আশ্ৰয় ল'বলৈ আহ্বান জনায় । কিয়োডো নিউজৰ মতে, মঙলবাৰে পুৱতি নিশা চৰকাৰে জাপানৰ উত্তৰতম মুখ্য দ্বীপ হোক্কাইডো আৰু দেশখনৰ উত্তৰ-পূব প্ৰান্ত আওমৰিৰ বাসিন্দাসকলক অট্টালিকাৰ ভিতৰত থাকিবলৈ আহ্বান জনাই এক সতৰ্কবাণী জাৰি কৰে ।
কিয়োডো নিউজৰ (Kyodo News) উদ্ধৃতিঅনুসৰি, এক সংবাদমেলত মুখ্য কেবিনেট সচিব হিৰোকাজু মাৎসুনোৱে (Chief Cabinet Secretary of Japan) কয় যে উত্তৰ-পূব জাপান পাৰ হোৱাৰ পিছত মিছাইলটো স্থানীয় সময়মতে পুৱা প্ৰায় ৭.৪৪ বজাত জাপানৰ একচেতীয়া অৰ্থনৈতিক ক্ষেত্ৰৰ বাহিৰত প্ৰশান্ত মহাসাগৰত (Pacific Ocean) পৰা বুলি ধাৰণা কৰা হয় ।