ইণ্টাৰনেশ্যনেল ডেস্ক, ১৩ এপ্ৰিল :বৃহস্পতিবাৰে উত্তৰ কোৰিয়াই জাপান সাগৰৰ ফালে এটা বেলেষ্টিক মিছাইল নিক্ষেপ কৰে (North Korean missile towards Japan sea) । অনিৰ্দিষ্ট মিছাইলটো নিক্ষেপৰ লগে লগে জাপানৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে ইয়াক এক গুৰুত্বপূৰ্ণ ঘটনা বুলি উল্লেখ কৰি ইয়াৰ বাবে 'সকলো প্ৰয়োজনীয় সাৱধানতা অৱলম্বন' কৰাৰ সতৰ্কবাণী জাৰি কৰিছে (Japan PMO on N Korean missile toward East Sea) । জাপানে এটা সতৰ্কবাণী জাৰি কৰি কৈছে যে উত্তৰ কোৰিয়াৰ মিছাইল এটা হোক্কাইডো প্ৰিফেকচাৰ বা তাৰ চুবুৰীয়া জলপথত অৱতৰণ কৰিব পাৰে (North Korean missile may landed in Hokkaido) ।
এক টুইটাৰ বাৰ্তাৰ জৰিয়তে জাপানৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে লিখিছে, "তথ্য সংগ্ৰহ আৰু বিশ্লেষণ আৰু জনসাধাৰণক দ্ৰুত আৰু পৰ্যাপ্ত তথ্য প্ৰদান কৰাৰ বাবে সৰ্বাধিক প্ৰচেষ্টাত মনোনিবেশ কৰক । বিমান, জাহাজ আৰু অন্যান্য সম্পদৰ সুৰক্ষা নিশ্চিত কৰিব ।" যিহেতু মিছাইলটো জাপানৰ জলসীমাত অৱতৰণ কৰাৰ সম্ভাৱনা দেখা গৈছে, সেয়ে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে সাৱধানতাৰ বাবে সকলো সাম্ভাৱ্য ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে । ইয়াৰ ভিতৰত আকস্মিক পৰিস্থিতিৰ বাবে প্ৰস্তুতিও আছে ।