ইণ্টাৰনেচনেল ডেস্ক, ১ জানুৱাৰী :জাপানৰ সাগৰত কেইবাটাও শক্তিশালী ভূমিকম্পৰ পিছত সোমবাৰে ছুনামিৰ সতৰ্কবাণী জাৰি কৰিছে জাপানে । জাপান মেট্ৰোলজিকেল এজেঞ্চীয়ে আবেলি ৪ বজাৰ পিছতে ইশিকাৱা আৰু ইয়াৰ ওচৰৰ প্ৰিফেকচাৰৰ উপকূলত ভূমিকম্পৰ খবৰ জনাইছে । ইয়াৰে ভিতৰত প্ৰাথমিক তথ্য মতে ৰিখটাৰ স্কেলত এটাৰ প্ৰাবল্য আছিল 7.6 । যাৰ বাবে ইশিকাৱাত এক ডাঙৰ ছুনামিৰ সতৰ্কবাণী জাৰি কৰা হৈছে আৰু হোনচু দ্বীপৰ বাকী পশ্চিম উপকূলৰ বাবে নিম্ন-পৰ্যায়ৰ ছুনামি সতৰ্কবাণী জাৰি কৰিছে ।
জাপানৰ চৰকাৰী সম্প্ৰচাৰক এনএইচকে টিভিয়ে সতৰ্ক কৰি দিছে যে এই সময়ত সাগৰ পৃষ্ঠৰ পানী 5 মিটাৰ (16.5 ফুট) ওপৰলৈ উঠিব পাৰে আৰু জনসাধাৰণক যিমান সম্ভৱ সোনকালে ওখ অঞ্চল বা ওচৰৰ অট্টালিকাৰ ওপৰলৈ যাবলৈ আহ্বান জনোৱা হৈছে ।
এনএইচকেয়ে কৈছে যে ছুনামিৰ ঢৌ সৃষ্টিব পাৰে আৰু ইয়াৰ প্ৰাৰম্ভিক সতৰ্কবাণী প্ৰায় এঘণ্টা ধৰি সম্প্ৰচাৰ কৰা হয় । অৱশ্যে চৰকাৰে ক্ষয়-ক্ষতিৰ পৰিমাণ প্ৰদান কৰা নাই । কিন্তু নিশালৈকে সংবাদমেল অনুষ্ঠিত কৰি এই সন্দৰ্ভত জনাব বুলি আশা কৰা হৈছে ।