নিউজ ডেস্ক, 8 জুলাই:শুকুৰবাৰে পশ্চিম জাপানত প্ৰচাৰ ভাষণৰ সময়ত হোৱা গুলীচালনাত আহত হৈ চিকিৎসালয়ত মৃত্যুক সাৱটি লয় জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজ’ আবেয়ে । ভষণ প্ৰদান কৰি থকাৰ অৱস্থাতে দুৰ্বৃত্তই গুলী চালনা কৰে শ্বিনজ’ আবেক ৷ ইয়াৰ পিছতে বিমানযোগে এখন চিকিৎসালয়লৈ লৈ যোৱা হয় প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক । কিন্তু তেওঁৰ উশাহ-নিশাহ লোৱা নাছিল আৰু তেওঁৰ হৃদপিণ্ড বন্ধ হৈ গৈছিল বুলি বিষয়াসকলে জনায় (Japan EX-Prime Minister Shinzo Abe passes away after being shot)।
স্থানীয় অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়া মাকোটো মৰিমোটোৱে জনোৱা মতে, আবেক গুলীচালনা কৰাৰ পিছতে তেওঁক প্ৰিফেকচাৰেল হাস্পতাললৈ লৈ যোৱা হৈছিল । মুখ্য কেবিনেট সচিব হিৰোকাজু মাটছুনোৱে সাংবাদিকৰ আগত কয় যে, আৰক্ষীয়ে ঘটনাস্থলীত এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে । ‘‘এই ধৰণৰ বৰ্বৰ কাৰ্য একেবাৰে ক্ষমা কৰিব নোৱাৰা ৷ কাৰণ যিয়েই নহওক কিয়, আমি ইয়াক তীব্ৰভাৱে গৰিহণা দিছোঁ’’ বুলি মাটছুনোৱে কয় (Japan EX-Prime Minister Shinzo Abe passes away) ৷
আবেৰ সৈতে একেটা ৰাজনৈতিক দলৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদা উত্তৰ জাপানৰ নিজৰ প্ৰচাৰ স্থলী য়ামাগাটাৰ পৰা হেলিকপ্টাৰেৰে টকিঅ’লৈ গৈ আছিল । মাটছুনোৱে কয় যে, সকলো কেবিনেট মন্ত্ৰীয়ে নিজৰ প্ৰচাৰ ভ্ৰমণৰ পৰা টকিঅ’লৈ উভতি যাব । জাপানৰ সংসদৰ কম শক্তিশালী চেম্বাৰ উচ্চ সদনৰ বাবে দেওবাৰে নিৰ্বাচন অনুষ্ঠিত হ’ব ।
আবেয়ে ভাষণ দি থকাৰ সময়তে মানুহে বন্দুকৰ গুলীৰ শব্দ শুনা পায় । তেওঁ বুকুত ধৰি ধলি পৰিছিল, চাৰ্টটো তেজেৰে ৰাঙলী হৈ পৰে কিন্তু অচেতন হৈ পৰাৰ আগতে কথা ক’ব পাৰিছিল । এই আক্ৰমণে বিশ্বৰ অন্যতম নিৰাপদ আৰু যিকোনো ঠাইতে বন্দুক নিয়ন্ত্ৰণৰ কিছুমান কঠোৰ আইন থকা দেশত এক জোকাৰণিৰ সৃষ্টি কৰিছিল । কিশোৰ অৱস্থাৰ পৰাই আবে আলচাৰেটিভ কলাইটিছ ৰোগত আক্ৰান্ত আছিল ৷ চিকিৎসাৰ দ্বাৰা এই অৱস্থা নিয়ন্ত্ৰণত থকা বুলি জানিব পৰা গৈছে ।