অসম

assam

ETV Bharat / international

Gaza Hamas clash: পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ গাজালৈ উৰা মাৰিলে ইজৰাইলৰ প্ৰতিৰক্ষা মুৰব্বী - প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্য়াহু

ইজৰাইল প্ৰতিৰক্ষা বাহিনীৰ (আইডিএফ) মুৰব্বী লেফটেনেণ্ট জেনেৰেল হাৰ্জি হালেভিয়ে হামাছৰ বিৰুদ্ধে চলি থকা স্থল অভিযানৰ বুজ ল'বলৈ গাজা ষ্ট্ৰিপলৈ উৰা মাৰে ৷

Gaza Hamas clash
পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ গাজালৈ উৰা মাৰিলে ইজৰাইলৰ প্ৰতিৰক্ষা মুৰব্বী

By ANI

Published : Nov 12, 2023, 8:02 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 12 নৱেম্বৰ :গাজা ইজৰাইলৰ মাজত যুদ্ধ এতিয়াও অব্যাহত আছে ৷ ইজৰাইল প্ৰতিৰক্ষা বাহিনীৰ (আইডিএফ) মুৰব্বী লেফটেনেণ্ট জেনেৰেল হাৰ্জি হালেভিয়ে হামাছৰ বিৰুদ্ধে চলি থকা স্থল অভিযানৰ বুজ ল'বলৈ গাজা ষ্ট্ৰিপলৈ উৰা মাৰে ৷ এই যাত্ৰাৰ সময়ত ৰেডিঅ'ৰ যোগেদি সৈন্যসকলৰ সৈতে কথা পাতে মুৰব্বীগৰাকীয়ে ৷ ইজৰাইলৰ এক সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা অনুসৰি, ৰেডিঅ'ত আইডিএফ প্ৰধানৰ সৈতে কথা পতা কৰ্ণেল য়াইৰ পালিয়ে উধৃতি দি কৈছিল যে, "এই মুহূৰ্তত আমি প্ৰথমখন দেশ হৈ প্ৰথম ব্ৰিগেডৰ পতাকা লৈ সগৌৰৱে থিয় হৈ আছো ৷ "

ইয়াৰ প্ৰত্যুত্তৰত হালেভিয়ে সঁহাৰি জনাই কয় যে, "আপুনি আপোনাৰ সহযোগীসকলক কওক যে আপোনালোকে দেশখনৰ বাবে এক মহত্বপূৰ্ণ দায়িত্ব পালন কৰি আছে, আপোনাৰ লগত আমি সকলো আছো, সমগ্ৰ আই ডি এফে আপোনালোক আগবাঢ়ি গৈ জয়ী হোৱাৰ হকে সহযোগিতা আগবঢ়াইছে ৷"

হালেভিৰ সৈতে ইজৰাইল বায়ু সেনাৰ প্ৰধান ব্ৰিগেডিয়াৰ জেনেৰেল ওমাৰ টিশ্লাৰ আৰু 100 তম স্কোয়াড্ৰনৰ কমাণ্ডাৰ লেঃ কৰ্ণেল শ্যে (নিৰাপত্তাজনিত কাৰণত তেওঁৰ অন্তিম নামটো আইডিএফে গোপনে ৰাখিছে) উৰা মাৰিছে । ইফালে, আইডিএফে কয় যে গাজা চহৰৰ আল-শাতি শিবিৰত ভালেসংখ্যক সৈন্যই স্থল অভিযান চলাই আছে ৷

গিভাটি ব্ৰিগেডৰ সৈন্যই এটা অট্টালিকাত সাধাৰণ লোকক চিনাক্ত কৰি তেওঁলোকক স্থানান্তৰ কৰাত সহায় কৰিছিল । আইডিএফে কৈছিল যে গাজাৰ পৰা সাধাৰণ লোকসকলক স্থানান্তৰ কৰাৰ সময়ত হামাছে সৈনিকসকলৰ ওপৰত গুলীচালনা কৰিছিল । লগেত উল্লেখ কৰে যে, ইয়াৰ পিচতে হামাছে সৈন্যসকলৰ ওপৰত গুলীবৰ্ষণ কৰাৰ লগতে টেংকেৰেও আক্ৰমণ কৰে আইডিএফ সৈন্যই ৷ যাৰ ফলত হামাছ সন্ত্ৰাসবাদী কেইবাটাও নিহত হয় ৷ আন এটা ঘটনাৰ কথা উল্লেখ কৰি আইডিএফে কৈছিল যে, সৈন্যসকলে আল-শাতিৰ এটা অট্টালিকাত লুকাই থকা হামাছ সন্ত্ৰাসবাদীৰ এটা দল চিনাক্ত কৰিছিল আৰু এয়াৰ ষ্ট্ৰাইকৰ নিৰ্দেশ দিছিল ।

ইফালে, ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্য়েহুৱে হামাছক ইৰাণৰ নেতৃত্বত "সন্ত্ৰাসবাদৰ এক অবিচ্ছেদ্য অংশ" বুলি অভিহিত কৰে, যিটোৱে মধ্যপ্ৰাচ্য আৰু আৰৱকো বিপদত পেলাইছে বুলি তেওঁ মন্তব্য প্ৰকাশ কৰিছিল ৷ তেওঁ দাবী কৰিছিল যে হামাছে যোৱা 16 বছৰত গাজালৈ দুৰ্যোগ আনিছে ৷ হামাছে গাজাৰ বাসিন্দাসকলৰ বাবে "তেজ আৰু দৰিদ্ৰতা" কঢ়িয়াই আনিছে ৷

লগতে পঢ়ক:Two youths died: বিশ্বকাপ চাই থকাৰ সময়তে তীব্ৰবেগী ৰে’লে খুন্দিয়ালে দুই যুৱকক

ABOUT THE AUTHOR

...view details