ইণ্টাৰনেশ্যনেল ডেস্ক, 6 নৱেম্বৰ:ইজৰাইলৰ ধাৰাবাহিক আক্ৰমণ অব্যাহত ৷এইবাৰ ইজৰাইলে লক্ষ্য কৰি লৈছে পেলেষ্টাইনৰ শৰণাৰ্থী শিবিৰ ৷ দেওবাৰে মধ্য গাজা ষ্ট্ৰিপৰ দুটা শৰণাৰ্থী শিবিৰত ইজৰাইলে আকাশী মাৰ্গেৰে আক্ৰমণ চলায় বুলিস্বাস্থ্য বিষয়াসকলে জনায় ৷ ইজৰাইলৰ এই বিমান আক্ৰমণত কেইবাজনো লোকৰ মৃত্যু ঘটে । গাজাত ধাৰাবাহিক বোমাবৰ্ষণৰ ফলত সাধাৰণ লোকৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱালৈ লক্ষ্য ৰাখি ইজৰাইলক মানৱীয় বিৰতি ল’বলৈ আমেৰিকাই আহ্বান জনোৱাৰ সময়তে এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে ।
আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনে পেলেষ্টাইনৰ ৰাষ্ট্ৰপতি মাহমুদ আব্বাছৰ সৈতে পূৰ্বতে অঘোষিত বৈঠকৰ বাবে পশ্চিম পাৰৰ ৰামাল্লালৈ যাত্ৰা কৰিছিল । ইজৰাইলত প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে আলোচনা কৰাৰ পিছত শনিবাৰে জৰ্ডানত আৰৱৰ বৈদেশিক মন্ত্ৰীসকলৰ সৈতে সাক্ষাৎ কৰে ব্লিংকেনে ৷ নেতান্যাহুয়ে হামাছে পণবন্দী কৰি ৰখা সকলোকে মুকলি নকৰালৈকে অস্থায়ী যুদ্ধবিৰতি দিব নোৱাৰে বুলি জোৰ দি কয় ।