ইণ্টাৰনেচনেল ডেস্ক, ২০ ডিচেম্বৰ :ইজৰাইলী সেনাই গাজাৰ উত্তৰৰ অন্তিমখন কাৰ্যকৰী চিকিৎসালয়ত তালাচী চলাই কৰ্মচাৰীসকলক আটক কৰিছে । আনহাতে, ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে মঙলবাৰে কয় যে সৈন্যবাহিনীয়ে হামাছ সন্ত্ৰাসবাদীক সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ কাম কৰি আছে ।
ইজৰাইলে মঙলবাৰে দক্ষিণ গাজাৰ চহৰসমূহত বিমান আক্ৰমণ চলায় । এই আক্ৰমণত কমেও ৪৫ পেলেষ্টাইনী নিহত হয় । আনহাতে, আন্তৰ্জাতিক সতৰ্কতা বৃদ্ধি হোৱা সত্ত্বেও আমেৰিকাৰ পৰা পুনৰ সমৰ্থন লাভ কৰাৰ পিছত ইজৰাইলৰ আক্ৰমণ পুনৰ বৃদ্ধি পাইছে । তাৰ লগতে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইয়োভ গেলেণ্টে সতৰ্ক কৰি দিছে যে গাজাৰ দক্ষিণত অভিযান কেইবা মাহ ধৰি চলি থাকিব ।
দক্ষিণৰ ৰাফা চহৰৰ এখন চিকিৎসালয়ত মাহমুদ জৰাব নামৰ এগৰাকী ব্যক্তিয়ে তেওঁৰ দুই সন্তানক হেৰুৱায় । তাৰে এটি হৈছে দুবছৰীয়া ল'ৰা আৰু আনটি দুসপ্তাহ পূৰ্বে জন্ম হোৱা এটি শিশুকন্যা । তেওঁলোক পুৱাতে হোৱা আক্ৰমণত ঘৰতে নিহত হয় ।
ইফালে মাত্ৰ দুসপ্তাহ বয়সৰ শিশুকন্যাটিৰ আইতাক চুজান জৰাবে কওঁ যে শিশুটিৰ নামকৰণে হোৱা নাছিল । ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক সম্বোধন কৰি তেওঁ কান্দি কান্দি কয়, তেওঁ ভাবে নেকি যে এই শিশুসকলক হত্যা কৰি তেওঁ কিবা লাভ কৰিব পাৰিব ? তেওঁলোক এতিয়া সফল হৈছেনে ? তেওঁ যি বিচাৰে সেয়া লাভ কৰিছেনে ? আনহাতে, প্ৰতিৰক্ষা মন্ত্ৰী গেলেণ্টে কয় যে ইজৰাইলী বাহিনীয়ে অঞ্চলটোৰ পৰা সন্ত্ৰাসবাদীসকলক সম্পূৰ্ণভাৱে নিৰ্মূল কৰাৰ অংশ হিচাপে উত্তৰ গাজাত হামাছৰ সুৰংগ নেটৱৰ্কত প্ৰৱেশ কৰি আছে ।