অসম

assam

ETV Bharat / international

Israel Hamas War : সংকটত গাজা, বিশ্ববাসীৰ ওচৰত সহায় ভিক্ষা হামাছৰ - ইজৰাইল আৰু হামাছৰ সংঘৰ্ষ অব্যাহত

হামাছৰ ভয়ংকৰ আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে ইজৰাইলে গাজালৈ বিভিন্ন সামগ্ৰীকে ধৰি ইন্ধনৰ যোগান বন্ধ কৰিছে । ফলস্বৰূপে ব্যাপক সংকটত পৰিছে পেলেস্তাইনীসকল । হামাছে গাজালৈ অত্যাৱশ্যকীয় চিকিৎসা আৰু মানৱীয় সাহায্য প্ৰেৰণৰ বাবে অনুৰোধ জনাইছে ।

Israel Hamas War
সংকটত গাজা, বিশ্ববাসীৰ ওচৰত সহায় ভিক্ষা হামাছৰ

By ANI

Published : Oct 13, 2023, 7:42 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৩ অক্টোবৰ :ইজৰাইল আৰু হামাছৰ সংঘৰ্ষ অব্যাহত আছে । হামাছৰ আক্ৰমণৰ প্ৰতিশোধ হিচাপে ইজৰাইলেও গাজাত আক্ৰমণ অব্যাহত ৰাখিছে । কেৱল আক্ৰমণেই নহয় অৰ্থনৈতিক অৱৰোধৰ দৰে পদক্ষেপো লৈছে ইজৰাইলে । যাৰ বাবে বৃহৎ সমস্যাত পৰিছে হামাছ নেতৃত্বাধীন গাজা প্ৰশাসন । সেয়ে হামাছে বিশ্বৰ আন্তৰ্জাতিক সাহায্য সংগঠনসমূহক গাজালৈ অত্যাৱশ্যকীয় চিকিৎসা আৰু মানৱীয় সাহায্য প্ৰেৰণৰ বাবে জৰুৰী অনুৰোধ জনাইছে ।

শেহতীয়াকৈ ইজৰাইলৰ বিমান আক্ৰমণে গাজাত এক গভীৰ মানৱীয় সংকটৰ সৃষ্টি কৰিছে । ইফালে গাজালৈ ইজৰাইলে বিভিন্ন সামগ্ৰী আৰু ইন্ধনৰ যোগানো বন্ধ কৰি দিছে । ফলস্বৰূপে এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে । হামাছে এক বিবৃতি জাৰি কৰি আৰৱ, ইছলামিক আৰু আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ সকলো সাহায্য, স্বাস্থ্য আৰু দাতব্য প্ৰতিষ্ঠানসমূহক ২০ লাখতকৈও অধিক পেলেস্তাইনীৰ জীৱন ৰক্ষা কৰিবলৈ প্ৰয়োজনীয় চিকিৎসা আৰু মানৱীয় সাহায্যৰ লগতে ইন্ধন যোগান ধৰিবলৈ অনুৰোধ জনাইছে ।

পেলেস্তাইনী স্বাস্থ্য মন্ত্ৰী মাই আলকাইলাই ও চিকিৎসা সঁজুলি, অস্ত্ৰোপচাৰৰ যোগান, ঔষধ আৰু তেজৰ গুৰুতৰ নাটনিৰ বাবে গাজাত এক আসন্ন স্বাস্থ্য সেৱা প্ৰণালী বন্ধ হোৱাৰ সতৰ্কবাণী দিছে । ইফালে নৰৱেৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী অনিকেন হুইটফেল্ডে ইজৰাইলৰ এই সম্পূৰ্ণ অৱৰোধৰ প্ৰতি তীব্ৰ অসন্মতি প্ৰকাশ কৰিছে । তেওঁ কয় যে ইজৰাইলৰ মানৱীয় সাহায্যৰ প্ৰৱেশাধিকাৰ ৰক্ষা আৰু জনসাধাৰণৰ বাবে সহায় নিশ্চিত কৰাৰ দায়িত্ব আছে । গাজাৰ লোকসকলক মানৱীয় সাহায্য প্ৰদান কৰাটো এক শীৰ্ষ অগ্ৰাধিকাৰ হ'ব লাগে বুলিও তেওঁ মন্তব্য কৰে ।

পেলেস্তাইনী স্বাস্থ্য মন্ত্ৰালয়ৰ মতে গাজাত চলি থকা ইজৰাইলী বিমান আক্ৰমণৰ ফলত ৫০০ গৰাকী শিশু আৰু ২৬৭ গৰাকী মহিলাকে ধৰি কমেও ১,৫৩৭ গৰাকী লোকৰ মৃত্যু হৈছে । আনহাতে ৬,৬১২ গৰাকী লোক আঘাতপ্ৰাপ্ত হৈছে । ৰাষ্ট্ৰসংঘৰ মানৱীয় পৰিক্ৰমা সমন্বয় কাৰ্যালয়ৰ এক বিবৃতিত প্ৰকাশ পাইছে যে ইজৰাইলে অঞ্চলটোত বোমাবর্ষণ আৰম্ভ কৰাৰ পাচৰে পৰা গাজাত ৩,৩০,০০০ ৰো অধিক লোক স্থানান্তৰিত হৈছে ।

লগতে পঢ়ক :Israel Palestine War : ইজৰাইল-পেলেষ্টাইন যুদ্ধৰ ষষ্ঠ দিন; যুদ্ধ তদাৰকৰ বাবে একতা চৰকাৰ গঠন ইজৰাইলৰ

ABOUT THE AUTHOR

...view details