ইণ্টাৰনেশ্যনেল ডেস্ক,১৩ অক্টোবৰ :হামাছৰ আক্ৰমণৰ প্ৰতিশোধস্বৰূপে ইজৰাইলে গাজাত বিমান আক্ৰমণ অব্যাহত ৰাখিছে । ইজৰাইলী বায়ু সেনাই জনোৱা মতে সেনা বাহিনীয়ে প্ৰায় ৬,০০০ বোমা নিক্ষেপ কৰিছে । অৰ্থাৎ ইজৰাইলে যোৱা ৬ দিনত প্ৰতিদিনে কমেও এহেজাৰ বোমা নিক্ষেপ কৰিছে ।
এই আক্ৰমণক লণ্ডনৰ কিংছ কলেজৰ জাৰ্মান আৰু ইউৰোপীয় অধ্যয়নৰ প্ৰবক্তা আলেকজেণ্ডাৰ ক্লাৰ্কচনে ২০০৯ চনত শ্ৰীলংকাৰ সামৰিক বাহিনীয়ে জাফনা আৰু মুল্লাইথিভুত বোমা বিস্ফোৰণ কৰা আৰু ২০০০ চনত গ্ৰজনিৰ যুদ্ধৰ সৈতে তুলনা কৰিছে ।
লিবাৰেচন টাইগাৰ্ছ অফ তামিল ইলাম (এলটিটিই)ৰ বিৰুদ্ধে এই যুদ্ধত হাজাৰ হাজাৰ নাগৰিক নিহত হৈছিল । ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি এই যুদ্ধত ৪০,০০০ ৰ পৰা ৭০,০০০ লোকৰ মৃত্যু হৈছিল । অন্যান্য স্বতন্ত্ৰ বিশ্লেষক আৰু যুদ্ধ নিৰীক্ষকে প্ৰায় ১,৪০,০০০ লোকৰ মৃত্যুৰ অনুমান কৰিছিল । ক্লাৰ্কচনে এক্সৰ এটা পোষ্টৰ জৰিয়তে এই সন্দৰ্ভত লিখিছে । ইফালে ইজৰাইলৰ মতে, বহু যুঁজাৰু বিমান আৰু হেলিকপ্টাৰে সমগ্ৰ গাজা ষ্ট্ৰিপত থকা হামাছ সন্ত্ৰাসবাদী সংগঠনৰ কেইবাটাও আশ্ৰয়স্থলত আক্ৰমণ কৰিছে ।
গাজা ষ্ট্ৰিপত খাদ্য, খোৱাপানী, বিদ্যুৎ আৰু অন্যান্য গুৰুত্বপূৰ্ণ সামগ্ৰীৰ নাটনিৰ সময়তে ইজৰাইলে এক্সত আক্ৰমণৰ আপডেট দিছে । ৰাষ্ট্ৰসংঘৰ সংস্থা ইউএনআৰডব্লিউএ-ৰ মতে পেলেস্তাইনী ছিটমহলৰ ২৩ লাখ বাসিন্দাৰ বাবে বাহিৰৰ পৰা কোনো সাহায্য আহিব নোৱাৰে আৰু প্ৰায় ২,২০,০০০ লোকে গাজাৰ বিদ্যালয়সমূহত আশ্ৰয় লৈ আছে ।