ইণ্টাৰনেশ্যনেল ডেস্ক, 4 নৱেম্বৰ:বন্ধু ৰাষ্ট্ৰ আমেৰিকাৰ আহ্বান নাকচ কৰিলেইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ৷ ইজৰাইল-হামাছ যুদ্ধত মানৱীয় বিৰতিৰ বাবে আমেৰিকাৰ আহ্বানৰ প্ৰতি অসন্মতি প্ৰদৰ্শন কৰে ৷ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে শুকুৰবাৰে আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনক হামাছে পণবন্দী কৰি ৰখাসকলক মোকলাই নিদিলে তেওঁলোকে পিছ হুহুকি নাহে বুলি জনায় ।
যোৱা মাহত যুদ্ধ আৰম্ভ হোৱাৰ পিছত তৃতীয়বাৰৰ বাবে ইজৰাইল ভ্ৰমণ কৰা ব্লিংকেনে শনিবাৰে জৰ্ডানত নেতাসকলৰ সৈতে সাক্ষাৎ কৰিব বুলি জানিব পৰা গৈছে । ইজৰাইলৰ সৈন্যই গাজা চহৰৰ বহু অংশত নিষেধাজ্ঞা জাৰি কৰে ৷ শুকুৰবাৰে চহৰখনৰ ভিতৰত উগ্ৰপন্থী কোষৰ প্ৰতি লক্ষ্য কৰি আক্ৰমণ চলায় ইজৰাইলী সৈন্যই । ইজৰাইল-হামাছ যুদ্ধত পেলেষ্টাইনীসকলৰ মৃত্যুৰ সংখ্যা 9,227 জনলৈ বৃদ্ধি পাইছে বুলি গাজাত হামাছৰ স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে । ইজৰাইলে অধিগ্ৰহণ কৰা পশ্চিম পাৰত হিংসাত্মক পৰিস্থিতি আৰু ইজৰাইলী সৈন্যৰ অভিযানত 140 জনতকৈ অধিক পেলেষ্টাইনী নিহত হৈছে ।