ইণ্টাৰনেশ্যনেল ডেস্ক, 29 অক্টোবৰ:ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ প্ৰস্তাৱক আওকাণ কৰি ইজৰাইলে গাজা ষ্ট্ৰিপত অব্যাহত ৰাখিছে আক্ৰমণ ৷ ইজৰাইল-হামাছৰ মাজত সংঘাতৰ তীব্ৰতা ক্ৰমাৎ বৃদ্ধি পায় অহাত মানৱীয় যুদ্ধ বিৰতিৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ প্ৰস্তাৱ আগবঢ়াইছিল ৷ ইজৰাইলে গাজা ষ্ট্ৰিপত নিজৰ স্থল আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে । প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ইয়াক ইজৰাইলৰ অস্তিত্বৰ বাবে যুদ্ধ বুলি অভিহিত কৰে ।
গাজাৰ বাসিন্দাসকলে স্থল, আকাশ আৰু সাগৰৰ পৰা হোৱা এই বৃহৎ বোমাবৰ্ষণক 3 সপ্তাহজোৰা ইজৰাইল-হামাছ যুদ্ধৰ ভিতৰত আটাইতকৈ তীব্ৰ বোমাবৰ্ষণ বুলি অভিহিত কৰিছে । আন দেশ, ৰাষ্ট্ৰসংঘৰ বিষয়া আৰু সাহায্য সংস্থাবোৰে গাজাৰ এই ভয়াৱহ পৰিস্থিতিৰ বৰ্ণনা কৰিছে ৷ ইজৰাইলৰ নৃশংস আক্ৰমণৰ ফলত 23 লাখ লোক বহিঃজগতৰ পৰা বিচ্ছিন্ন হৈ পৰিছে আৰু চেলফোন বা ৰেডিঅ’ সেৱা নথকা এম্বুলেন্সে আহতসকলৰ স্থান নিৰ্ণয় কৰিবলৈ আৰ্টিলাৰীৰ শব্দ খেদি ফুৰে বুলি বৰ্ণনাত প্ৰকাশ পাইছে ।
হামাছ শাসিত গাজাত স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি পেলেষ্টাইনী লোকৰ মৃতকৰ সংখ্যা 7700 অতিক্ৰম কৰিলে, ইয়াৰে অধিকাংশই মহিলা আৰু শিশু । দখলকৃত ৱেষ্ট বেংকত ইজৰাইলীৰ অভিযান আৰু হিংসাত্মক পৰিস্থিতিৰ বাবে 110 জনতকৈ অধিক পেলেষ্টাইনী নিহত হৈছে । ইজৰাইল চৰকাৰৰ মতে, ইজৰাইলত কমেও 310 জন সৈনিককে ধৰি হামাছৰ উগ্ৰপন্থীৰ আকস্মিক আক্ৰমণৰ সময়ত 1400 ৰো অধিক লোক নিহত হয় । কমেও 229 জন পণবন্দীক গাজালৈ লৈ যোৱা হয় আৰু চাৰিজন পণবন্দীক মুকলি কৰি দিয়া হৈছে ।
শেহতীয়াকৈ ইজৰাইল-হামাছ যুদ্ধত কি ঘটি আছে :