ইণ্টাৰনেচনেল ডেস্ক, ১ নৱেম্বৰ :হামাছৰ বিৰুদ্ধে ইজৰাইলৰ যুদ্ধই তিনি সপ্তাহ অতিক্ৰম কৰিলে । এই যুদ্ধত দুয়ো পক্ষৰ যথেষ্ট ক্ষতি হৈছে । বিশেষকৈ কেইবা হাজাৰ পেলেষ্টাইনী নাগৰিকৰ মৃত্যু হোৱাৰ লগতে লাখৰ ওপৰত লোক আঘাতপ্ৰাপ্ত হৈছে ।
আনহাতে, লাখ লাখ লোক গৃহহীন হৈছে । ধ্বংসস্তূপত পৰিণত হৈছে গাজা চহৰ । তাৰ মাজতে বুধবাৰে প্ৰথমবাৰৰ বাবে গাজাত বাস কৰা বিদেশী নাগৰিকসকলে গাজাৰ পৰা ইজিপ্ত অভিমুখে ৰাওনা হৈছে । তেওঁলোকে ৰাফা সীমান্ত পথেৰে ইজিপ্ত প্ৰৱেশ কৰা দেখা গৈছে । উল্লেখ্য যে তিনি সপ্তাহতকৈও অধিক সময় পূৰ্বে ইজৰাইল-হামাছ যুদ্ধ আৰম্ভ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে এইসকল বিদেশী নাগৰিকক অৱৰোধ কৰি ৰখা অঞ্চলটো এৰি যাবলৈ অনুমতি দিয়া হৈছে ।
বুধবাৰৰ দিনটোৰ আৰম্ভণিতে, যোগাযোগ সেৱা প্ৰদানকাৰী পালটেল আৰু জাৱালে গাজাত যোগাযোগ আৰু ইণ্টাৰনেট সেৱা সম্পূৰ্ণৰূপে ব্যাহত হোৱাৰ প্ৰতিবেদন দিয়ে । যিটো হৈছে বিগত পাঁচ দিনৰ ভিতৰত দ্বিতীয়টো ডাঙৰ কৰ্তন । আনহাতে, মানৱতাবাদী সাহায্য সংস্থাসমূহে সতৰ্ক কৰি দিছে যে এনে ধৰণৰ ব্লেকআউটে ইতিমধ্যে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা গাজাত তেওঁলোকৰ কামত গুৰুতৰভাৱে ব্যাঘাত জন্মাব ।