অসম

assam

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 6:50 PM IST

ETV Bharat / international

Israel Palestine War : ইজৰাইল-পেলেষ্টাইন যুদ্ধৰ ষষ্ঠ দিন; যুদ্ধ তদাৰকৰ বাবে একতা চৰকাৰ গঠন ইজৰাইলৰ

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে বুধবাৰে এজন শীৰ্ষ ৰাজনৈতিক প্ৰতিদ্বন্দ্বীৰ সৈতে যোগ দি হামাছ উগ্ৰপন্থীৰ ভয়ংকৰ সপ্তাহান্তিক আক্ৰমণৰ প্ৰতিশোধ লোৱা যুঁজৰ তত্ত্বাৱধানৰ বাবে যুদ্ধকালীন কেবিনেট গঠন কৰে ।

ইজৰাইল-পেলেষ্টাইন যুদ্ধৰ ষষ্ঠ দিন
Israel Palestine War

ইণ্টাৰনেচনেল ডেস্ক, ১২ অক্টোবৰ :ইজৰাইল চৰকাৰ হামাছক উৎখাত কৰিবলৈ জনসাধাৰণৰ পৰা তীব্ৰ চাপত আছে । উল্লেখ্য যে হামাছ উগ্ৰপন্থীয়ে শনিবাৰে সীমান্তৰ বেৰৰ মাজেৰে আগ্ৰাসন কৰি ইজৰাইলত আক্ৰমণ কৰিছিল । তাৰ পিছত জনসাধাৰণৰ ঘৰ, ৰাজপথ আৰু সংগীত উৎসৱত শ শ ইজৰাইলীক হত্যা কৰিছিল । আনহাতে, হামাছে কৈছিল যে তেওঁলোকে শনিবাৰে এই আক্ৰমণ আৰম্ভ কৰাৰ কাৰণ হৈছে ইজৰাইলৰ সামৰিক আগ্ৰাসন । লগতে পশ্চিম তীৰত বৰ্ধিত বসতিস্থান আৰু গাজাত ১৬ বছৰ ধৰি চলি থকা অৱৰোধৰ ফলত পেলেষ্টাইনীসকলৰ দুখ-কষ্ট অসহনীয় হৈ পৰিছে ।

গাজাত উগ্ৰপন্থীয়ে ইজৰাইলৰ পৰা বন্দী কৰি অনা প্ৰায় ১৫০ জন লোকক বন্দী কৰি ৰাখিছে আৰু বিগত পাঁচ দিনত ইজৰাইললৈ হাজাৰ হাজাৰ ৰকেট নিক্ষেপ কৰিছে । ইফালে গাজা ষ্ট্ৰিপত অঞ্চলটোৰ একমাত্ৰ শক্তি প্ৰকল্পটোৰ ইন্ধন শেষ হৈ বুধবাৰে বন্ধ হোৱাৰ পিছত আৱাসীসকলে বৰ্ধিত অনিশ্চয়তাৰ সন্মুখীন হৈছে । ইয়াৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰই ঘোষণা কৰিছে যে গাজাৰ পৰা অসামৰিক লোকসকলক উলিয়াই অনাৰ বাবে সুৰক্ষিত কৰিডৰ মুকলি কৰিবলৈ তেওঁলোকে ইজিপ্ত আৰু ইজৰাইলৰ সৈতে কাম কৰি আছে । উল্লেখ্য যে এই যুদ্ধত দুয়োপক্ষৰ ২,৩০০-তকৈও অধিক লোকে প্ৰাণ হেৰুৱাইছে আৰু এই যুদ্ধৰ সময় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ।

শেহতীয়া ইজৰাইল-পেলেষ্টাইন যুদ্ধৰ ষষ্ঠদিনা কি কি ঘটিছে

হামাছে কৈছে যে নেতান্যাহুৰএকতা চৰকাৰে তেওঁলোকক বাধা দিব নোৱাৰে

হামাছে বৃহস্পতিবাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ ঘোষণাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । বৃহস্পতিবাৰে নেতান্যাহু আৰু বিৰোধী নেতা বেনি গাণ্টজে হামাছ উগ্ৰপন্থী সংগঠনৰ বিৰুদ্ধে যুদ্ধত দেশখনক নেতৃত্ব দিবলৈ এখন ৰাষ্ট্ৰীয় ঐক্য চৰকাৰ গঠন কৰে । আনহাতে, হামাছৰ বিষয়াসকলে প্ৰতিজ্ঞা কৰে যে ইজৰাইলৰ ঐক্যবদ্ধ নেতৃত্বই তেওঁলোকৰ 'প্ৰতিৰোধক ভয় খুৱাব বা বাধা দিব নোৱাৰে' ।

ইজৰাইলৰ অৱৰোধত গাজাত ৬,৫০,০০০ লোক ভয়ংকৰ পানীৰ সংকটত

ৰাষ্ট্ৰসংঘৰ মানৱতাবাদী কাৰ্যালয়ে জনাইছে যে যোৱা শনিবাৰে প্ৰতিশোধ আৰম্ভ হোৱাৰ পিছত গাজাত ইজৰাইলৰ বোমাবর্ষণে ১,০০০ ঘৰ ধ্বংস কৰিছে । লগতে অঞ্চলটোৰ বহুতে পানী, ইন্ধন আৰু চিকিৎসা সামগ্ৰীৰ ভয়ানক অভাৱৰ সন্মুখীন হৈছে । লগতে কোৱা হৈছে যে আন ৫৬০ টা হাউছিং ইউনিট গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে আৰু বসবাসৰ বাবে অযোগ্য হৈ পৰিছে । ইজৰাইলৰ বিমান আক্ৰমণৰ ফলত ১২,৬০০-তকৈও অধিক ঘৰ ক্ষতিগ্ৰস্ত হৈছে ।

৪০ গৰাকী চেক নাগৰিক ইজৰাইলৰ পৰা পাৰাগুৱেত উপস্থিত

চেক গণৰাজ্যৰ এখন বিমান বৃহস্পতিবাৰে পুৱতি নিশা পাৰাগুৱেত অৱতৰণ কৰে । তাত প্ৰায় ৪০ গৰাকী চেক নাগৰিকক ইজৰাইলৰ পৰা উদ্ধাৰ কৰি নিয়া হয় । প্ৰধানমন্ত্ৰী পেট্ৰ' ফিয়ালাই কয় যে বৃহস্পতিবাৰে এনে ধৰণৰ কমেও দুখন বিমানে অধিক চেক নাগৰিকক উভতাই নিবলৈ ইজৰাইললৈ উৰা মাৰিব । লগতে বৈদেশিক মন্ত্ৰালয়ে জনাইছে যে ইজৰাইলত এতিয়াও কমেও ২৫০ জন চেক নাগৰিক আছে ।

নৰৱেত উপস্থিত ইজৰাইলৰ পৰা ১৮০ জন লোক

নৰৱেৰ বৈদেশিক মন্ত্ৰীয়ে বৃহস্পতিবাৰে কয় যে ১৮০ জন লোকৰ সৈতে ইজৰাইলৰ পৰা এখন বিমান নৰৱেৰ অছলোত অৱতৰণ কৰিছে । তেওঁলোকৰ বেছিভাগেই নৰৱেৰ নাগৰিক আৰু তেওঁলোকৰ পৰিয়াল । অনিকেন হুইটফেল্ডে কয় যে বিমানখনত আন কিছু ৰাষ্ট্ৰৰো লোক আছিল । অৱশ্যে তেওঁ তেওঁলোকক চিনাক্ত কৰা নাই ।

লগতে পঢ়ক :Israel Gaza conflict : হামাছ কমাণ্ডাৰৰ বিশ্ব শাসনৰ দুৰাকাংক্ষা প্ৰকাশ

ABOUT THE AUTHOR

...view details