অসম

assam

ETV Bharat / international

Biden supports Israel and Ukraine : ইজৰাইল আৰু ইউক্ৰেইনৰ পক্ষত আছে আমেৰিকা - Israel Hamas war

পুনৰ আমেৰিকাই নিজৰ স্থিতি স্পষ্ট কৰিছে । ৰাছিয়া আৰু হামাছক প্ৰত্যাহ্বান জনাই আমেৰিকাৰ ঘোষণা ইজৰাইল আৰু ইউক্ৰেইন যুদ্ধত জয়ী হোৱাটো আমেৰিকাযুক্ত ৰাষ্ট্ৰৰ বাবে গুৰুত্বপূৰ্ণ । দুয়োখন দেশলৈ নতুন পেকেজো ঘোষণা বাইডেনৰ ।

Biden supports Israel and Ukraine
ইজৰাইল আৰু ইউক্ৰেইনৰ পক্ষত আছে আমেৰিকা

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 11:10 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,২০ অক্টোবৰ :এফালে ৰাছিয়া আৰু ইউক্ৰেইন যুদ্ধ আৰু আনফালে ইজৰাইল আৰু হামাছৰ সংঘৰ্ষ । এনে পৰিস্থিতিত ইতিমধ্যে আমেৰিকাই নিজৰ স্থিতি স্পষ্ট কৰি আহিছে । এইবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনৰ আন এক গুৰুত্বপূৰ্ণ মন্তব্য । তেওঁ ঘোষণা কৰে যে ইজৰাইল আৰু ইউক্ৰেইন যুদ্ধত জয়ী হোৱাটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে গুৰুত্বপূৰ্ণ । তেওঁ কয় যে আমেৰিকাৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে এইটো প্ৰয়োজনীয় । ইফালে বৃহস্পতিবাৰে বাইডেনে এই দুয়োখন দেশলৈ বিলিয়ন ডলাৰৰ সামৰিক সাহায্যও ঘোষণা কৰে ।

বাইডেনে কয় যে যদি আন্তৰ্জাতিক আক্ৰমণ অব্যাহত ৰাখিবলৈ দিয়া হয় তেন্তে সংঘাত আৰু বিশৃংখলতা পৃথিৱীৰ আন প্ৰান্তলৈ বিয়পি পৰিব পাৰে । বাইডেনে কয় যে হামাছ আৰু পুটিনে বিভিন্ন ভাবুকিৰ সৃষ্টি কৰিছে । তেওঁ কয় যে ৰাছিয়া আৰু হামাছে চুবুৰীয়া গণতন্ত্ৰক সম্পূৰ্ণৰূপে ধ্বংস কৰিব বিচাৰে ।

বাইডেনে কয় যে তেওঁ কংগ্ৰেছলৈ এক জৰুৰী পুঁজিৰ অনুৰোধ জনাব । অনুমান কৰা হৈছে যে এই পুঁজিৰ পৰিমাণ হ'ব প্ৰায় ১০০ বিলিয়ন আমেৰিকান ডলাৰ । বাইডেনে শুকুৰবাৰে পুঁজিৰ প্ৰস্তাৱ কংগ্ৰেছত উত্থাপন কৰিব বুলি আশা কৰা হৈছে । প্ৰস্তাৱটোত ইউক্ৰেইন, ইজৰাইল, টাইৱানলৈ মানৱীয় সহায় আৰু সীমান্ত ব্যৱস্থাপনাৰ বাবে পুঁজি অন্তৰ্ভুক্ত আছে । বাইডেনৰ মতে এয়া এক স্মাৰ্ট বিনিয়োগ যি প্ৰজন্মৰ বাবে আমেৰিকান নিৰাপত্তাৰ দিশত লাভ হ'ব ।

ইজৰাইল ভ্ৰমণৰ পাছতে বাইডেনে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে । ইজৰাইলত তেওঁ কৈছিল যে হামাছৰ বিৰুদ্ধে তেওঁলোকৰ যুঁজত আমেৰিকাই একাত্মতা প্ৰদৰ্শন কৰিছে আৰু গাজা ষ্ট্ৰিপত পেলেস্তাইনীসকলক অধিক মানৱীয় সাহায্যৰ বাবে জোৰ দিছে ।

বাইডেনে কৈছিল যে আমেৰিকা ইউক্ৰেইনৰ সৈতে আছে । হোৱাইট হাউচৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কোৱা মতে যে বাইডেনে যোৱা সপ্তাহটোত এই সন্দৰ্ভত সহযোগীসকলৰ বিভিন্ন আলোচনাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।

লগতে পঢ়ক:UN on Israel vs Hamas war: হামাছৰ সমানে দোষী ইজৰাইল: ৰাষ্ট্ৰসংঘ

ABOUT THE AUTHOR

...view details