ইন্টানেশ্যনেল ডেস্ক, 27 নৱেম্বৰ :ইজৰাইল আৰু হামাছৰ মাজত চলি থকা সংঘাতৰ মাজতে মঙলবাৰে ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰ্জগক Xৰ মুৰব্বী ইলন মাস্কে সাক্ষাৎ কৰাৰ কথা আছে । টাইমছ অৱ ইজৰাইলৰ বাতৰিত প্ৰকাশ পাইছে এই তথ্য । ইজৰাইলৰ ৰাষ্ট্ৰপতি কাৰ্যালয়ে নিশ্চিত কৰিছে যে ইলন মাস্ক আৰু হাৰ্জ’গৰ মাজত হোৱা বৈঠকৰ কথা ।
খবৰ অনুসৰি, হাৰ্জ’গে কয় যে গাজাত পণবন্দী হৈ থকাসকলৰ পৰিয়ালৰ কিছু সদস্যও এই বৈঠকত অংশগ্ৰহণ কৰিব । তেওঁ আৰু কয় যে তেওঁ অনলাইনত বৃদ্ধি পোৱা ইহুদী বিৰোধীতাক মোকাবিলা কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব । কিন্তু শেহতীয়াকৈ মাস্কে Xৰ ওপৰত ইহুদী বিৰোধী প্ৰকাশ্য পদক্ষেপক সমৰ্থন কৰাৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে ।
ইহুদী বিৰোধিতাৰ সৈতে মোকাবিলা কৰাত ব্যৰ্থ হোৱা আৰু মাস্কে নিজেই শ্বেয়াৰ কৰা মন্তব্যক ইহুদী বিৰোধী বুলি গণ্য কৰা হৈছে ৷ যাৰ ফলত Apple আৰু Disney ৰ দৰে বহু বিজ্ঞাপনদাতাই মাইক্ৰ’ব্লগিং চাইটটোত খৰচ কৰ্তন কৰিছিল । Xত ‘ইহুদী বিৰোধী’ পোষ্টক সমৰ্থন কৰাৰ বিতৰ্কৰ মাজতে ইলন মাস্কে কয় যে ছ’চিয়েল মিডিয়া প্লেটফৰ্মে এই অভিযোগ কৰি মিডিয়া চোৱাচিতাকাৰী সংস্থা ‘মিডিয়া মেটাৰ্ছ’ৰ বিৰুদ্ধে ‘থাৰ্মোনিউক্লিয়াৰ গোচৰ’ দাখিল কৰিব ।