ইণ্টাৰনেচনেল ডেস্ক, ১১ অক্টোবৰ : ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইজৰাইল আৰু হামাছ যুদ্ধৰ মাজতে এক বিবৃতি দিছে । পুটিনে কৈছে যে ইজৰাইল আৰু পেলেষ্টাইনীসকলৰ মাজত যুদ্ধ মধ্যপ্ৰাচ্যত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নীতিৰ বিফলতা । ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ মুখপাত্ৰ ডিমিত্রি পেছকভে কয় যে মস্কোৱে যুদ্ধ সমাধানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বিচাৰিছে, কিন্তু এতিয়ালৈকে ইয়াৰ ৰণনীতি কি হ'ব সেয়া প্ৰকাশ কৰা নাই । আনহাতে, ক্ৰেমলিন দুয়োখন দেশৰে সংস্পৰ্শত আছে ।
তথ্য অনুসৰি, পুটিনে এই যুদ্ধত পেলেষ্টাইনক সমৰ্থন জনাইছে । ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে কৈছে যে মধ্যপ্ৰাচ্যৰ যিকোনো পৰিস্থিতিৰ বাবে আমেৰিকাৰ নীতি দায়ী । আনহাতে, পুটিনে লগতে কয় যে ৰাষ্ট্ৰসংঘৰ সিদ্ধান্তৰ অধীনত এখন স্বাধীন আৰু সাৰ্বভৌম পেলেষ্টাইন ৰাষ্ট্ৰ গঠন কৰাৰ প্ৰয়োজন আছে । শেহতীয়া তথ্য অনুসৰি, হামাছে এতিয়ালৈকে ইজৰাইলৰ ওপৰত পাঁচ হাজাৰৰো অধিক ৰকেট নিক্ষেপ কৰিছে । তেতিয়াৰে পৰা দুয়োখন দেশতে আক্ৰমণ আৰু অধিক তীব্ৰতৰ হৈছে ।