অসম

assam

গাজা সীমান্তত ডাঙৰ সুৰংগৰ সন্ধান ইজৰাইলৰ; চোৰাংচোৱাৰ ব্যৰ্থতাক লৈ সমালোচনা

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 1:18 PM IST

Updated : Dec 18, 2023, 2:38 PM IST

Israel Hamas war: ইজৰাইলী সেনাই জনাইছে যে তেওঁলোকে গাজা ষ্ট্ৰিপত হামাছৰ এটা ডাঙৰ সুৰংগ আৱিষ্কাৰ কৰিছে । সেনাই প্ৰকাশ কৰা অনুসৰি সৰু প্ৰকাৰৰ বাহন ভিতৰলৈ প্ৰৱেশ কৰিব পৰা সমান ডাঙৰ এই সুৰংগটো ।

Israel finds tunnel adjacent to Gaza border
গাজা সীমান্তত ডাঙৰ সুৰংগৰ সন্ধান ইজৰাইলৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৮ ডিচেম্বৰ : ইজৰাইলৰ সামৰিক বাহিনীয়ে দেওবাৰে প্ৰকাশ কৰিছে যে গাজাত এটা ডাঙৰ সুৰংগ খাদ আৱিষ্কাৰ কৰিছে । যিটো এসময়ত ইজৰাইললৈ সঘন যাতায়াতৰ বাবে ব্যৱহাৰ হৈছিল । আনহাতে, এই সুৰংগটো অৱিষ্কাৰ হোৱাৰ কথা প্ৰকাশ পোৱাৰ লগে লগে ইজৰাইলী চোৰাংচোৱা বাহিনীৰ ওপৰত প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে । কিয়নো ইজৰাইলৰ চোৰাংচোৱাৰ চকুত ধূলি দি হামাছ সন্ত্ৰাসবাদীয়ে এই সুৰংগ ব্যৱহাৰ কৰিয়ে ৭ অক্টোবৰৰ আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিল ।

উল্লেখ্য যে এই সুৰংগটোৰ প্ৰৱেশপথটো অতি কটকটীয়া নিৰাপত্তা বেহুৰে বেষ্টিত ইজৰাইল সীমান্ত আৰু ইজৰাইলী সামৰিক ঘাটিৰ পৰা মাত্ৰ কেইশ মিটাৰমান দূৰৈত অৱস্থিত ।

আনহাতে, ইজৰাইলী সামৰিক বাহিনীয়ে কৈছে যে এই সুৰংগটো চাৰি কিলোমিটাৰতকৈও অধিক দৈৰ্ঘ্যৰ । ইয়াক গাজা পৰ্যন্ত এটা বিশাল সুৰংগ নেটৱৰ্কৰ সৈতে সংযোগ স্থাপন কৰা হৈছে আৰু তাৰ মাজেৰে গাড়ীবোৰ পাৰ হৈ যাব পৰাকৈ যথেষ্ট বহল । সেনাই দেওবাৰে ইয়াকো কয় যে এই সুৰংগটোৱে ৭ অক্টোবৰৰ আক্ৰমণৰ প্ৰস্তুতিৰ বাবে বাহন, সন্ত্ৰাসবাদী আৰু সামগ্ৰী পৰিবহণত সহায় কৰিছিল ।

সেইদিনা সন্ত্ৰাসবাদীয়ে ইজৰাইল সীমান্ত পাৰ হোৱা চকীৰ ওচৰৰ দেৱালখনৰ অংশটো ভাঙিবলৈ ৰকেটচালিত গ্ৰেনেড ব্যৱহাৰ কৰিছিল আৰু ঘাটিটোত আক্ৰমণ কৰিছিল । যাৰ ফলত কমেও তিনিজন সেনা নিহত হয় আৰু কিছু লোকক অপহৰণ কৰি গাজালৈ লৈ গৈছিল । এইটো সীমান্তৰ দেৱালৰ কেইবাটাও স্থানৰ ভিতৰত এটা আছিল, য'ত সন্ত্ৰাসবাদীয়ে সহজতে ইজৰাইলৰ নিৰাপত্তা ব্যৱস্থাক পৰাভূত কৰি ইজৰাইলৰ ভূখণ্ডত প্ৰৱেশ কৰিছিল আৰু প্ৰায় ১,২০০ লোকক হত্যা কৰাৰ লগতে আন প্ৰায় ২৪০ জনক বন্দী কৰিছিল ।

ইফালে পেলেষ্টাইনী স্বাস্থ্য বিষয়াসকলে জনোৱা অনুসৰি, এই অভূতপূৰ্ব আক্ৰমণৰ ফলত ১০ সপ্তাহতকৈও অধিক সময় ধৰি চলি থকা এক বিধ্বংসী যুদ্ধ আৰম্ভ হয় । তাৰ পৰিণতিত হামাছশাসিত গাজা ষ্ট্ৰিপত ১৮,০০০-ৰো অধিক লোকৰ মৃত্যু হয় । আনহাতে, ইজৰাইলে কৈছে যে হামাছৰ সুৰংগ নেটৱৰ্ক ধ্বংস কৰাটো তেওঁলোকৰ আক্ৰমণৰ এটা মুখ্য উদ্দেশ্য আৰু ভূগৰ্ভস্থ নেটৱৰ্কৰ বেছিভাগ আছে বিদ্যালয়, চিকিৎসালয় আৰু আৱাসিক এলেকাৰ তলত ।

তাৰ মাজতে ইজৰাইলৰ সামৰিক, চোৰাংচোৱা আৰু ৰাজনৈতিক বিষয়াসকলে আগতীয়াকৈ এই আক্ৰমণৰ ঘটনা চিনাক্ত কৰাত ব্যৰ্থ হোৱাৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে ।

লগতে পঢ়ক :ইজৰাইল-হামাছ যুদ্ধৰ ছাঁয়াত বেথলেহামত পবিত্ৰ বৰদিনৰ প্ৰস্তুতি

Last Updated : Dec 18, 2023, 2:38 PM IST

ABOUT THE AUTHOR

...view details