ইণ্টাৰনেশ্যনেল ডেস্ক, 27 ছেপ্টেম্বৰ:উত্তৰ ইৰাকত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷বুধবাৰে কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি উত্তৰ ইৰাকৰ এটা বিবাহগৃহত হোৱা অগ্নিকাণ্ডৰ ফলত 100 জন লোকৰ মৃত্যু হোৱাৰ লগতে 150 জন লোক আহত হয় । ইৰাকৰ হামদানিয়া অঞ্চলৰ নীনব প্ৰদেশত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা । ৰাজধানী বাগদাদৰ পৰা প্ৰায় 335 কিলোমিটাৰ উত্তৰ-পশ্চিমে এয়া এখন খ্ৰীষ্টান প্ৰধান অঞ্চল ।
এজন লোকে অগ্নিনিৰ্বাপক বাহিনীৰ লোকক চিঞৰি থকাৰ সময়তে বিবাহগৃহৰ ভিতৰত জ্বলি যোৱা ধ্বংসাৱশেষ প্ৰত্যক্ষ কৰিব পৰা গৈছে সংবাদ মাধ্যমৰ যোগেদি । স্বাস্থ্য মন্ত্ৰণালয়ৰ মুখপাত্ৰ ছাইফ আল বদৰে চৰকাৰী ইৰাকী নিউজ এজেন্সীৰ জৰিয়তে এই হতাহতিৰ পৰিসংখ্যা প্ৰদান কৰে । এই দুৰ্ভাগ্যজনক দুৰ্ঘটনাত ক্ষতিগ্ৰস্তসকলক সকাহ দিয়াৰ বাবে সকলো প্ৰচেষ্টা চলোৱা হৈছে বুলি আল-বদৰে কয় ।
নিনিভেৰ প্ৰাদেশিক গৱৰ্ণৰ নাজিম আল জুবুৰীয়ে কয় যে আহতসকলৰ কিছুমানক আঞ্চলিক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে । তেওঁ সকীয়াই দিয়ে যে অগ্নিকাণ্ডৰ ফলত এতিয়াও কোনো চূড়ান্ত হতাহতিৰ পৰিসংখ্যা পোৱা নাই, যাৰ বাবে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে । অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত তাৎক্ষণিকভাৱে কোনো আনুষ্ঠানিক খবৰ পোৱা নাই যদিও স্থানীয় সংবাদ সূত্ৰ অনুসৰি সভাস্থলীত আতচবাজীৰ ফলত জুইৰ সূত্ৰপাত হ’ব পাৰে বুলি আশংকা ব্যক্ত কৰা হৈছে ।