ইণ্টানৰনেশ্যনেল ডেস্ক, 19 জানুৱাৰী: আমি সততে পথ পাৰ হওঁতে ছিগনেল ক্ৰছ কৰাৰ কথা শুনিছো ৷ কিন্তু আজি আমি আপোনালোকক এনে এটা পথৰ বিষয়ে ক’বলৈ ওলাইছো যিটো পথ পাৰ হ’বলৈ আপুনি দেখুৱাব লাগিব পাছপোৰ্ট ৷ পাছপোৰ্ট অবিহনে কোনো পথচাৰীয়ে পথটোৰ সিপাৰলৈ যাব নোৱাৰিব (You need a passport to cross the road)৷
আপুনি কেতিয়াবা একেটা পথতে থকা দুখন দেশৰ কথা শুনিছেনে ? এই দেশ দুখন হৈছে আমেৰিকা আৰু কানাডা (America Canada border)। আমেৰিকাৰ উত্তৰ সীমান্তৰ বেছিভাগ অঞ্চলেই কানাডাৰ সীমাত অৱস্থিত ৷ 9,000 কিলোমিটাৰ দীঘল এই সীমান্তক বিশ্বৰ সৰ্ববৃহৎ আন্তঃৰাষ্ট্ৰীয় সীমান্ত বুলি জনাজাত ৷ এই দুয়োখন দেশৰ মাজত 100 তকৈও অধিক সীমান্ত অঞ্চল আছে ৷
ইয়াৰে 15 টা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰমন্ট ৰাজ্য আৰু কানাডাৰ কুইবেক প্ৰদেশৰ মাজত অৱস্থিত ৷ ইয়াৰ ভিতৰত আমেৰিকাৰ ডাৰ্বি লাইন চহৰ আৰু কানাডাৰ ষ্টেনস্টেড চহৰৰ মাজৰ সীমাই দুয়োখন দেশৰ মাজত আধা কিলোমিটাৰ পথ এচোৱা বিভক্ত কৰে (Canusa Street divides two countries )। ইয়াক কানুচা ষ্ট্ৰীট বুলি কোৱা হয় (Canusa Street rules)।
কেনেদৰে বিভক্ত হ’ল?
নিউ ফ্ৰান্স আৰু কানাডাৰ ফৰাচী ঔপনিৱেশসমূহ ব্ৰিটিছে দখল কৰিছিল। দুয়োখন ঔপনিৱেশিক ৰাজ্যৰ ৰাজ্যপালে তেওঁলোকৰ সীমা নিৰ্ধাৰণ কৰিবলৈ জৰীপকৰ্তা নিযুক্ত কৰাৰ সময়তেই 1771 ৰ পৰা 73 জন জৰীপকৰ্তাই 45 ডিগ্ৰী অক্ষাংশৰ এডাল ৰেখা সমান্তৰাৱলকৈ অংকন কৰিছিল ৷ কিন্তু সেইসময়খিনি জৰীপকৰ্তাকেইজনে সুৰাপান কৰি থকাৰ ফলত কিছু কিছু অংশত সীমাৰ হিচাপ ভুল হৈ 1.5 কিলোমিটাৰ অংকন কৰি দিয়া হৈছিল । 1783 চনত আমেৰিকান সংগ্ৰাম পিছত এই সীমান্তত যুদ্ধবিৰতি ঘোষণা কৰা হৈছিল ৷
পৰৱৰ্তী সময়ত 1800 চনত কিছুলোকে এই জৰীপটো ভুল হোৱা বুলি জানিবলৈ দিয়ে ৷ প্ৰকতৃততে এই সীমান্তটো আমেৰিকাৰ দক্ষিণ অংশত হ'ব লাগিছিল ৷ ইয়াৰ পিছত 1842 চনত ব্ৰিটিছ ঔপনিৱেশিক ৰাজ্য আমেৰিকা আৰু কানাডাৰ মাজত বহুবাৰ সমস্যাৰ উদ্ভৱ হোৱাত সীমান্ত বিবাদ সমাপ্তি কৰাৰ সংকল্পবদ্ধ হয়।
1908 চনত, ইউকে আৰু আমেৰিকা যুক্তৰাজ্যই একেলগে আন্তৰ্জাতিক সীমা আয়োগ গঠন কৰে। ইয়াৰ জৰীপ আৰু ব্যৱস্থাপনাৰ দায়িত্ব অৰ্পণ কৰাৰ পিছত বিষয়াসকলে অন্য অঞ্চলবোৰৰ ভিতৰত সমান্তৰালভাৱে সীমা বিচাৰি উলিয়াব নোৱাৰিলে । ইতিমধ্যে কিছু স্থানীয় লোকে সীমান্তৰ বহু ঠাইত নিৰ্মাণ কাৰ্য হাতত লৈছিল। অৱশ্যে সীমা আয়োগে কঠোৰ পৰিশ্ৰম কৰি পথসমূহ চিনাক্ত কৰাৰ পিছতো কানুচা ষ্ট্ৰীট অস্পৃশ্য হৈ পৰিছিল ৷