ইণ্টাৰনেশ্যনেল ডেস্ক, 30 এপ্ৰিল :অব্যাহত আছে অগ্নিগৰ্ভা ছুডানৰ পৰা ভাৰতীয়ক উদ্ধাৰ অভিযান ৷ ভাৰতীয় নৌসেনাৰ জাহাজ আই এন এছ টেগে শনিবাৰে অপাৰেচন কাবেৰীৰ অধীনত ছুডানতআৱদ্ধ হৈ থকা 288 জন ভাৰতীয়ক ছুডানৰ পৰা সফলতাৰে উলিয়াই আনিবলৈ সক্ষম হয় । সংকটকালীন অৱস্থাত থকা দেশখনৰ পৰা আই এন এছ সুমেধাৰ জৰিয়তে উদ্ধাৰ কৰা ভাৰতীয়ৰ এয়া 14 তম দল (Indian evacuation from Sudan) ।
সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ মাজত তীব্ৰ সংঘৰ্ষ অব্যাহত থকাৰ বাবে দেশখনত বিপদাপন্ন হৈ পৰিছে সাধাৰণ লোকৰ জীৱন আৰু সেই সময়তে যুদ্ধবিধস্ত দেশখনৰ পৰা 2400 ভাৰতীয় লোকক সফলতাৰে উদ্ধাৰ কৰা হৈছে । আই এন এছ সুমেধাই ছুডান বন্দৰৰ পৰা 300 যাত্ৰীক লগত লৈ জেদ্দালৈ ৰাওনা হৈছে বুলি শুকুৰবাৰে এটা টুইটযোগে জানিবলৈ পোৱা গৈছে । উল্লেখ্য যে, অপাৰেচন কাবেৰীৰ অধীনত ভাৰত চৰকাৰে ছুডানৰ পৰা প্ৰায় 3000 ভাৰতীয় মূলৰ যাত্ৰীক উদ্ধাৰ কৰিবলৈ সাজু হৈছে (paramilitary group and Sudanese army clash) ।
শনিবাৰে সন্ধিয়া অপাৰেচন কাবেৰীৰ অধীনত ছুডানৰ পৰা মুঠ 365 গৰাকী ভাৰতীয় নতুন দিল্লীত উপস্থিত হয় । অৱশ্যে অপাৰেচন কাবেৰীৰ অধীনত ভাৰতলৈ অধিক ভাৰতীয় উভতি আহে যদিও নতুন দিল্লীত মাত্ৰ 365 জন যাত্ৰী অৱতৰণ কৰিছে বুলি শনিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে টুইটযোগে উল্লেখ কৰে । আন এখন বিমান জেদ্দাৰ পৰা নতুন দিল্লীলৈ ইতিমধ্যে ভাৰতীয় লোকক লৈ ৰাওনা হৈছে বুলি জানিবলৈ পৰা গৈছে (India starts evacuation from Sudan) ।