ইণ্টাৰনেচনেল ডেস্ক, ২৪ জুলাই :ইণ্ডোনেছিয়াৰ চুলাৱেচি দ্বীপৰ ওচৰত এখন যাত্ৰীভৰ্তি নাও ডুব যায় । যাৰ ফলত কমেও ১৫ জন লোক নিহত হয় আৰু ১৯ জন লোক সন্ধানহীন হৈ পৰে । নাও দুৰ্ঘটনাৰ উদ্ধাৰকাৰী দলৰ এক সূত্ৰই এই কথা প্ৰকাশ কৰিছে । বুটনৰ অনুসন্ধান আৰু উদ্ধাৰকাৰী সংস্থাৰ মুৰব্বী মুহাম্মাদ আৰাফাই কয়, "নাওখন দক্ষিণ-পূব চুলাৱেচি প্ৰদেশৰ বুটন চেণ্ট্ৰেল ৰিজেন্সিৰ লাণ্টো গাঁৱৰ পৰা ওচৰৰ লাগি গাঁৱলৈ যাত্ৰা কৰিছিল । তাৰ পিছত সোমবাৰে মাজনিশা নাওখন ডুব যায় ।"
"কাঠৰ নাওখনত মুঠ ৪০ জন লোক আছিল । কিন্তু নাওখনৰ বহন ক্ষমতা মাত্ৰ ২০ জন লোকৰ বাবেহে আছিল আৰু নাওখন স্থানীয়ভাৱে নিৰ্মাণ কৰা হৈছিল । উদ্ধাৰকাৰীসকলে বৰ্তমানো সাগৰৰ মাজত সন্ধানহীন হৈ থকা আন ১৯ জন লোকৰ অনুসন্ধান অব্যাহত ৰাখিছে । আনহাতে ১৫ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে । লগতে আন ৬ জন লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে । সন্ধানহীন লোকসকলৰ অনুসন্ধানৰ বাবে তিনিখন ৰবৰৰ নাও, দুখন মাছ ধৰা নাও আৰু ছয়জন ডুবাৰু মোতায়েন কৰা হৈছে ।" আৰাফাই লগতে কয় ।