নিউজ ডেস্ক, 17 ডিচেম্বৰ :উচ্চ শিক্ষা গ্ৰহণ কৰি থকা এজন ভাৰতীয় ছাত্ৰৰ সন্ধানহীন হৈছে ইংলেণ্ডৰ পূব লণ্ডনৰ পৰা ৷ 15 ডিচেম্বৰৰ পৰা সন্ধানহীন হৈ আছে জি এছ ভাটিয়া নামৰ ভাৰতীয় ছাত্ৰজন ৷ ইফালে নিৰুদ্দেশ হোৱা ছাত্ৰজন ইউ কেৰ ল'ফবৰো বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল ৷ এই কথা Xৰ জৰিয়তে জানিবলৈ দিছেবিজেপিৰ নেতা মনজিন্দৰ সিং চিৰছাই ৷
ইফালে সন্ধানহীন ছাত্ৰজনক উদ্ধাৰ বাবে বিজেপি নেতা চিৰছাই ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সহায় বিচাৰি সামাজিক মাধ্যমত এই পোষ্ট দিয়ে ৷ আনহাতে বিজেপি নেতা চিৰছাই ল'ফবৰো বিশ্ববিদ্যালয় আৰু ভাৰতীয় উচ্চ আয়ুক্তকো ছাত্ৰজন বিচাৰি উলিওৱাত সহায় কৰিবলৈ Xজৰিয়তে আহ্বান জনাইছিল । ইফালে সন্ধাহীন ছাত্ৰজনক 15 ডিচেম্বৰত শেষবাৰৰ বাবে পূব লণ্ডনৰ কেনাৰী ৱাৰ্ফত দেখা গৈছিল।
ইফালে বিজেপি নেতা চিৰছাই সন্ধানহীন ছাত্ৰ ভাটিয়াৰ বাসগৃহৰ পৰিচয়ৰ লগতে ছাত্ৰজনৰ বিশ্ববিদ্যালয়ৰ পৰিচয় পত্ৰও Xত শ্বেয়াৰ কৰিছে ৷ ল'ফবৰো বিশ্ববিদ্যালয়, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু ভাৰতীয় উচ্চ আয়ুক্তক টেগ কৰি পোষ্টটো শ্বেয়াৰ কৰিছে বিজেপিৰ নেতাগৰাকীয়ে ৷