অসম

assam

ETV Bharat / international

Sudan Military Crisis: অগ্নিগৰ্ভা ছুডানত নিহত ভাৰতীয় নাগৰিক - Dal Group Company in Sudan

বৰ্তমান অস্থিৰ অৱস্থাত আছে ছুডানৰ পৰিস্থিতি । দেশখনৰ সামৰিক আৰু অৰ্ধসামৰিক বাহিনীৰ মাজত হোৱা সংঘৰ্ষত উত্তপ্ত হৈ আছে দেখনৰ পৰিস্থিতি । তাৰে মাজতে শনিবাৰে গুলীৰ আঘাতত মৃত্যু হয় এজন ভাৰতীয় লোকৰ (Indian national killed in tension prone Sudan) ।

Sudan Military Crisis
Sudan Military Crisis

By

Published : Apr 16, 2023, 1:36 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৬ এপ্ৰিল : ছুডান বৰ্তমান এক উত্তপ্ত পৰিস্থিতিৰ মাজত আছে (Sudan Military Crisis) । দেশখনৰ সামৰিক আৰু অৰ্ধসামৰিক বাহিনীৰ মাজত সৃষ্টি হোৱা সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰাত অগ্নিগৰ্ভা হৈ পৰিছে পৰিস্থিতি । তাৰ মাজতে ছুডানৰ ভাৰতীয় দূতাবাসে দেওবাৰে জনাই যে শনিবাৰে লক্ষ্যভ্ৰষ্ট গুলীয়ে আঘাত কৰা এজন ভাৰতীয় নাগৰিকে মৃত্যুবৰণ কৰে (Indian national killed in tension prone Sudan) । মানুহজনক এলবাৰ্ট অগেষ্টিন বুলি চিনাক্ত কৰা হৈছে । তেওঁ ডাল গ্ৰুপৰ এটা কোম্পানীত (Dal Group Company) কৰ্মৰত আছিল । ভাৰতীয়ে দূতাবাসে বৰ্তমান পৰিয়ালটোৰ সৈতে যোগাযোগত আছে ।

"খবৰ পোৱা গৈছে যে ছুডানৰ ডাল গ্ৰুপৰ (Dal Group Company in Sudan) এটা কোম্পানীত কৰ্মৰত ভাৰতীয় নাগৰিক এলবাৰ্ট অগেষ্টিনে শনিবাৰে এক লক্ষ্যভ্ৰষ্ট গুলীৰ আঘাতত মৃত্যুবৰণ কৰে । পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰিবলৈ ভাৰতীয় দূতাবাসে পৰিয়ালৰ লগতে চিকিৎসা কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি আছে ।" ছুডানৰ ভাৰতীয় দূতাবাসে দেওবাৰে টুইটত এনেদৰে কয় (India Embassy in Sudan) ।

উল্লেখ্য, ইয়াৰ পূৰ্বে শনিবাৰে সংঘৰ্ষপীড়িত ছুডানত থকা ভাৰতীয়সকলক সুৰক্ষিত স্থানত আশ্ৰয় ল'বলৈ কোৱা হয় আৰু বিশেষ সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়া হয় । শেহতীয়াভাৱে আফ্ৰিকান ৰাষ্ট্ৰখনত পেৰামিলিটাৰী আৰু নিয়মীয়া সেনাৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষৰ ফলত দেশখন অস্থিৰ হৈ পৰিছে । তাৰ মাজতে দেশখনৰ ৰাজধানী চহৰখনত বিস্ফোৰণ আৰু গুলীবৰ্ষণ সংঘটিত হয় ।

"গুলীচালনা আৰু সংঘৰ্ষৰ প্ৰতি লক্ষ্য ৰাখি, সকলো ভাৰতীয়ক পৰম সাৱধানতা অৱলম্বন কৰিবলৈ কোৱা হৈছে । তেওঁলোকক ঘৰৰ ভিতৰতে থাকিবলৈ আৰু জৰুৰী একো কাম নাথাকিলে বাহিৰলৈ যোৱাটো বন্ধ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে । লগতে শান্ত হৈ থাকি পৰিস্থিতি উন্নত হোৱাৰ বাবে অপেক্ষা কৰক ।" খাৰ্তুমৰ ভাৰতীয় দূতাবাসৰ এটা টুইটত এনেদৰে লিখা হৈছে ।

উল্লেখ্য যে সাম্প্ৰতিক সময়ৰ বিগত মাহবোৰত দেশৰ সামৰিক বাহিনী আৰু অৰ্ধসামৰিক বাহিনী ৰেপিড ছাপোৰ্ট ফ'ৰ্চৰ মাজত উত্তেজনা বৃদ্ধি পাইছে । আৰ এছ এফে সেনাক পাতল আৰু গধুৰ অস্ত্ৰ ব্যৱহাৰ কৰি দক্ষিণ খাৰ্তুমত থকা ইয়াৰ এটা ঘাটিত নিজৰ বাহিনীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে । অৱশ্যে ঘটনা সন্দৰ্ভত সেনাবাহিনীয়ে কোনো মন্তব্য কৰা নাই । ইয়াৰ ফলত ৰাজনৈতিক দলসমূহৰ সৈতে আন্তৰ্জাতিক সমৰ্থিত চুক্তি স্বাক্ষৰিত হোৱাৰ পিচত দেশৰ গণতান্ত্ৰিক পৰিৱৰ্তনত পলম হৈছে ।

উল্লেখ্য, দেশখনৰ জেনেৰেল মহম্মদ হামদান দাগালোৰ নেতৃত্বত আৰ এছ এফক কেনেদৰে সামৰিক বাহিনীত একত্ৰিত কৰিব লাগে আৰু প্ৰক্ৰিয়াটো কোন কৰ্তৃপক্ষই তদাৰক কৰিব লাগে তাক লৈ হোৱা মতবিৰোধৰ ফলত দুয়োটা সশস্ত্ৰ বাহিনীৰ মাজৰ উত্তেজনাৰ সূত্ৰপাত ঘটে ।

লগতে পঢ়ক :PM Modi meets US Secretary : প্ৰধানমন্ত্ৰী মোডীক উচ্চ প্ৰশংসা আমেৰিকাৰ বাণিজ্য সচিবৰ

ABOUT THE AUTHOR

...view details