ইণ্টাৰনেশ্যনেল ডেস্ক,৯ অক্টোবৰ :ইজৰাইলৰ ওপৰত হামাছৰ ভয়ংকৰ আক্ৰমণক লৈ সমগ্ৰ বিশ্ব উদ্বিগ্ন হৈ পৰিছে । বিভিন্ন দেশে এই আক্ৰমণক গৰিহণা দিছে । আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ ৰিপাব্লিকান দলৰ সম্ভাব্য প্ৰাৰ্থী নিকি হেলি আৰু বিবেক ৰামাস্বামীয়েও ইজৰাইলৰ প্ৰতি সমৰ্থন জনাইছে । দুয়োগৰাকী নেতাৰ লগতে অন্যান্য বিশিষ্ট ভাৰতীয়-আমেৰিকান নেতাসকলে ইজৰাইলৰ প্ৰতি সমৰ্থন দেখুৱাইছে ।
উল্লেখ্য যে পেলেস্তাইনী সন্ত্ৰাসবাদী গোট হামাছে শনিবাৰে দক্ষিণ ইজৰাইলত কেইবাটাও ৰকেট আক্ৰমণ কৰে । যাৰ ফলত কমেও ৭০০ গৰাকী লোক নিহত হয় আৰু ২,০০০ ৰো অধিক লোক আহত হয় ।
দেওবাৰে ৰাষ্ট্ৰপতিৰ প্ৰাৰ্থী হেলীয়ে সংবাদ মাধ্যমক কয় যে হামাছ আৰু তেওঁলোকক সমৰ্থন কৰা ইৰাণ চৰকাৰে ইজৰাইল আৰু আমেৰিকাক ধ্বংস কৰাৰ শ্ল'গান দি আছে । তেওঁৰ মতে সকলোৱে এই কথা মনত ৰাখিব লাগিব । হেলীৰ মতে আমেৰিকা ইজৰাইলৰ সৈতে আছে কাৰণ হামাছ, হিজবুল্লাহ আৰু ইৰাণ পন্থীসকলে আমেৰিকাক ঘৃণা কৰে । তেওঁ আশা কৰা মতে সকলোৱে একত্ৰিত হৈ ইজৰাইলৰ সৈতে থিয় দিব কিয়নো তেওঁলোকক এই মুহূৰ্তত প্ৰকৃততে সহায়ৰ প্ৰয়োজন আছে । হেলীয়ে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক হামাছক আঁতৰাবলৈ আহ্বান জনায় ।