অসম

assam

Price cap on Russian oil: ৰাছিয়াৰ তেলৰ মূল্য নিৰ্ধাৰণৰ ফলত লাভান্বিত হ’ব ভাৰত: আমেৰিকাৰ কোষাগাৰ সচিব

By

Published : Nov 8, 2022, 9:59 PM IST

আমেৰিকাৰ কোষাগাৰ সচিব জেনেট য়েলেনে (US Treasury Secretary Janet Yellen) কয় যে ৰাছিয়াৰ তেলৰ ওপৰত প্ৰস্তাৱিত নিৰ্ধাৰিত মূল্যৰ পৰা লাভান্বিত হ’ব ভাৰত ৷

India will benefit from price cap on Russian oil: US Treasury Secretary Yellen
price cap on Russian oil: ৰাছিয়ান তেলৰ মূল্যৰ পৰা লাভান্বিত হ’ব ভাৰত: কোষাগাৰ সচিব য়েলেন

আন্তঃৰাষ্ট্ৰীয় ডেস্ক, 8 নৱেম্বৰ: শেহতীয়াকৈ ৰাছিয়ান তেলৰ মূল্য নিৰ্ধাৰণ কৰাৰ পিছতেই ই ভাৰতলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে (India will benefit from Russian oil)৷ এই প্ৰসংগত আমেৰিকাৰ কোষাগাৰ সচিব জেনেট য়েলেনে (US Treasury Secretary Janet Yellen) কয় যে ৰাছিয়ান তেলৰ ওপৰত প্ৰস্তাৱিত নিৰ্ধাৰিত মূল্যৰ পৰা লাভান্বিত হ’ব ভাৰত ৷ বিশ্বব্যাপী তেলৰ আকাশলংঘী মূল্য বৃদ্ধি হৈ থকাৰ সময়তে ভাৰত আৰু চীনৰ দৰে উন্নয়নশীল দেশসমূহে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি আহিছে ৷ ফলত পশ্চিমীয়া ৰাষ্ট্ৰসমূহে ৰাছিয়াৰ ওপৰত এই দেশসমূহৰ নিৰ্ভৰশীলতা হ্ৰাস কৰিব বিচাৰিছে ৷

কোষাগাৰ সচিবগৰাকীয়ে লগতে কয় যে, বিশ্বব্যাপী বজাৰত ৰাছিয়ান তেলৰ যোগান অব্যাহত থাকক ৷ কিন্তু ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত হৈ থকা যুদ্ধৰ বাবে ৰাছিয়াই যাতে অতিমাত্ৰা মূল্য লাভ নকৰে ৷

ইয়াৰ লগতে য়েলেনে অনাগত দিনত ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ (Union Finance Minister Nirmala Sitharaman) সৈতে মুখ্যতঃ আমেৰিকা আৰু ভাৰতৰ অৰ্থৈনিতক আৰু বিত্তীয় অংশীদাৰীত্ব আৰু ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা, ইউক্ৰেইন আক্ৰমণৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব বুলিও সদৰী কৰে ৷ অচিৰেই ভাৰত ভ্ৰমণৰ পৰিকল্পনা হাতত লৈছে সচিবগৰাকীয়ে ৷

চলিত বৰ্ষৰ মাৰ্চ মাহলৈকে ভাৰতে ৰাছিয়াৰ পৰা মাত্ৰ 0.2 শতাংশ তেলহে আমদানি কৰিছিল, কিন্তু বৰ্তমানলৈ ভাৰতে ৰাছিয়াৰ পৰা 85 শতাংশ তেল আমদানি কৰিছে ৷ ৰাছিয়াই এতিয়ালৈ ভাৰতৰ মুঠ খাৰুৱা তেলৰ আমদানিৰ পৰা 22 শতাংশ লাভাংশ লাভ কৰাৰ লগতে ইৰাকৰ পৰা 20.5 শতাংশ আৰু চৌদি আৰৱৰ পৰা 16 শতাংশকৈ চাহিদা লাভ কৰিছে ৷

কোষাগাৰ সচিব য়েলেনে জি-20 অধিবেশনৰ প্ৰতি সমৰ্থন জনাই কয় যে আমি এই লৈ ভাৰতীয় প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হ’ম ৷ এই বৈঠকতে জলবায়ু পৰিৱৰ্তনৰ লগতে গোলকীকৰণৰ ফলত সন্মুখীন হোৱা ঋণ সম্পৰ্কীয় বিভিন্ন সমস্যাসমূহৰ বিষয়তো আলোচনা কৰা হ’ব ৷

সচিবগৰাকীয়ে লগতে কয় যে আমি সহমতত উপনিত হৈ ঋণৰ সৈতে মোকাবিলা কৰাৰ এটা উপায় উলিয়াব লাগিব । উন্নয়ন বেংক আৰু ডিজিটেল অৰ্থনীতিৰ নিয়ম অনুসৰি এই সমস্যাবোৰ কেনেদৰে মষিমূৰ কৰিব পাৰি তাক লৈ ভাৰতৰ লগত এক গুৰুত্বপূৰ্ণ আলোচনা কৰা হ’ব ৷

লগতে পঢ়ক:UN Climate Summit : ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলন

ABOUT THE AUTHOR

...view details