অসম

assam

ETV Bharat / international

পঞ্জাৱৰ তিনিবাৰৰ মুখ্যমন্ত্ৰী হ’লগৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী - নৱাজ শ্বৰীফ পাকিস্তানৰ প্ৰধানমন্ত্ৰী

পঞ্জাৱৰ তিনিবাৰৰ মুখ্যমন্ত্ৰী তথা পাকিস্তানৰ বিতৰ্কিত প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ কণিষ্ঠ ভাতৃ শ্বেহবাজ শ্বৰীফ পাকিস্তানৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে (New Pakistan Prime Minister) ৷ জানো আহক ইমাৰান খানৰ চৰকাৰৰ ভংগ কৰি পাকিস্তানৰ প্ৰধানমন্ত্ৰী হোৱা শ্বেহবাজ শ্বৰীফ কোন ৷

in-nawazs-shadow-who-is-shehbaz-sharif-the-new-pakistan-prime-minister
পঞ্জাৱৰ তিনিবাৰৰ মুখ্যমন্ত্ৰী হ’লগৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী

By

Published : Apr 12, 2022, 8:52 PM IST

ইন্টাৰনেচনেল ডেস্ক, 12 এপ্ৰিল :যোৱা কেইবাটাও সপ্তাহ ধৰি এক অস্থিৰ ৰাজনৈতিক পৰিৱেশৰ সমুখীন হৈছে চুবুৰীয়া দেশ পাকিস্তান (Political crisis in Pakistan) ৷ অৱশেষত কিছু পৰিমাণে শান্ত হৈছে এই ধুমুহা ৷ সোমবাৰে, ইমৰান খানে নেচনেল এচেম্বলীৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰাৰ পিছতেই অৱশেষত পাকিস্তান মুছলিম লীগ-নাৱাজৰ(পিএমএল-এন) শ্বেহবাজ শ্বৰীফ পাকিস্তানৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় (new Pakistan Prime Minister) । উল্লেখযোগ্য যে, শ্বেহবাজ পাকিস্তানৰ বিতৰ্কিত প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ কণিষ্ঠ ভাতৃ ৷

কোৱা হয় যে, নিজৰ ৰাজনৈতিক জীৱনত শ্বেহবাজে সদায় তেওঁৰ জ্যেষ্ঠ ভাতৃৰ নৱাজ শ্বৰীফৰ ছাঁৰ দৰে কাম কৰি আহিছে (Shehbaz in Nawaz's shadow) ৷ অৱশ্যে, প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পূৰ্বে তেওঁ তিনিবাৰ ক্ৰমে ১৯৯৭, ২০০৮ আৰু ২০১৩ চনত পঞ্জাৱৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল (Chief Minister of Punjab) । এতিয়া শ্বেহবাজ প্ৰধানমন্ত্ৰী হোৱাৰ অৰ্থ হ'ব নৱাজ শ্বৰীফৰ পাকিস্তানলৈ প্ৰত্যাৱৰ্তন ৷

প্ৰাপ্ত খবৰ অনুসৰি, ঈদৰ পিছতে লণ্ডনৰ পৰা স্বদেশলৈ উভতি যাব ভূতপূৰ্ব প্ৰধানমন্ত্ৰী গৰাকী ৷ ধাৰণা কৰা হৈছে যে, কণিষ্ঠ ভাতৃ শাসনত অধিস্থিত হোৱাৰ লগে লগে এতিয়া পুনৰ ক্ষমতালৈ আহিব নৱাজ শ্বৰীফ ৷ উল্লেখযোগ্য যে, শ্বেহবাজেই আছিল প্ৰথেম ২৮ মাৰ্চত নেচনেল এচেম্বলীত ইমৰান খানৰ চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছিল ।

এইজন শ্বেহবাজ শ্বৰীফৰ জন্ম ১৯৫১ চনৰ ২৩ ছেপ্টেম্বৰত এটা পঞ্জাৱী ভাষী কাশ্মীৰী পৰিয়ালত হৈছিল । তেওঁৰ দেউতাক মোহম্মদ শ্বৰীফৰ জন্ম অমৃতচৰৰ জাতি উমৰাত হৈছিল যদিও পৰিয়ালটো মূলতঃ কাশ্মীৰৰ অনন্তনাগৰ আছিল ৷ তেওঁৰ পৰিয়ালে পঞ্জাৱ ভ্ৰমণ কৰি তাতেই বসতি স্থাপন কৰিছিল । মোহম্মদ শ্বৰীফে শ্বামীম আখটাৰক বিয়া কৰায় আৰু তেওঁলোকৰ তিনিজন পুত্ৰ ক্ৰমে নৱাজ, শ্বেহবাজ আৰু আব্বাছৰ জন্ম হয় । বিভাজনৰ পিছত এই পৰিয়ালটোৱে লাহোৰলৈ প্ৰব্ৰজন কৰে ।

পৰিয়ালৰ জ্যেষ্ঠ সন্তান নৱাজ শ্বৰীফ পাকিস্তানৰ প্ৰধানমন্ত্ৰী হোৱাৰ বিপৰীতে শ্বেহবাজে ২০১৮ চনলৈকে পঞ্জাৱৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যকাল অব্যাহত ৰাখিছিল ৷ তেওঁৰ দল পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছত তেওঁক বিৰোধী দলপতি হিচাপে মনোনীত কৰা হৈছিল । 2019 চনত, ৰাষ্ট্ৰীয় দায়বদ্ধতা ব্যুৰোৱে শ্বেহবাজ আৰু তেওঁৰ পুত্ৰ হামজাৰ কেইবাটাও সম্পত্তি জব্দ কৰিছিল, কিয়নো তেওঁলোকৰ বিৰুদ্ধে ধন ৰপ্তানিৰ গোচৰ ৰুজু কৰা হৈছিল ।

শ্বেহবাজক ২০২০ চনৰ ছেপ্টেম্বৰৰ পৰা ২০২১ চনৰ এপ্ৰিললৈকে গ্ৰেপ্তাৰ কৰা হৈছিল আৰু কাৰাগাৰলৈ লৈ যোৱা হৈছিল যেতিয়া অৱশেষত লাহোৰ উচ্চ ন্যায়ালয়ে তেওঁক জামিন দিছিল । এতিয়া শ্বেহবাজ শ্বৰীফৰ নেতৃত্বত দেশখনে অস্থিৰ ৰাজনৈতিক পৰিৱেশৰ পৰা মুক্তি লাভ কৰে নে নকৰে পৰৱৰ্তী সময়ত সেইয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক :Pakistan political crisis : পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ পদৰ পৰা বহিষ্কাৰ ইমৰাণ খান

ABOUT THE AUTHOR

...view details