ইণ্টাৰনেশ্যনেল ডেস্ক,২৬ ডিচেম্বৰ :পাকিস্তানত প্ৰথমবাৰৰ বাবে এগৰাকী হিন্দু মহিলাই আগন্তুক সাধাৰণ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে । মহিলাগৰাকী খাইবাৰ পাখতুনখোৱাৰ বুনেৰ জিলাৰ বুলি জানিব পৰা গৈছে । উল্লেখ্য যে ২০২৪ চনৰ ৮ ফেব্ৰুৱাৰীত পাকিস্তানৰ ১৬ সংখ্যক সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব ।
বুনেৰ জিলাৰ চাভীৰা প্ৰকাশ নামৰ মহিলাগৰাকীয়ে পিকে-২৫ৰ পৰা সাধাৰণ আসনৰ বাবে আনুষ্ঠানিকভাৱে মনোনয়ন পত্ৰ দাখিল কৰিছে । হিন্দু সম্প্ৰদায়ৰ চাভীৰা প্ৰকাশে তেওঁৰ পিতৃ অৱসৰপ্ৰাপ্ত চিকিৎসক তথা পিপিপিৰ এগৰাকী সমৰ্পিত সদস্য ওম প্ৰকাশৰ পদাংক অনুসৰণ কৰি পাকিস্তান পিপলছ পাৰ্টিৰ টিকটত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ বাবে আগবাঢ়ি আহিছে ।
খবৰ অনুসৰি সোমবাৰে কৌমি ৱতন পাৰ্টিৰ সৈতে জড়িত এগৰাকী স্থানীয় ৰাজনীতিবিদ ছালিম খানে উল্লেখ কৰে যে বুনেৰৰ প্ৰথমগৰাকী মহিলা যিয়ে আগন্তুক নিৰ্বাচনৰ বাবে সাধাৰণ নিৰ্বাচনত মনোনয়ন পত্ৰ দাখিল কৰিছে ।
২০২২ চনত এবটাবাদ আন্তঃৰাষ্ট্ৰীয় চিকিৎসা মহাবিদ্যালয়ৰ স্নাতক চাভীৰা প্ৰকাশে বুনেৰত পিপিপি মহিলা মৰ্চাৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । সমাজৰ কল্যাণৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰি তেওঁ মহিলাসকলৰ উন্নয়নৰ বাবে কাম কৰাৰ এক পৰিৱেশ গঢ়ি তোলাত গুৰুত্ব দি আহিছে আৰু তেওঁলোকৰ অধিকাৰৰ বাবে মাত মতাত গুৰুত্ব আৰোপ কৰি আহিছে ।