অসম

assam

ETV Bharat / international

Pakistan political crisis : মিত্ৰদলে বিপদত পেলালে ইমৰান খানৰ চৰকাৰক - PTI government loses majority in lower House

পাকিস্তানৰ নিম্ন সদনত সংখ্যাগৰিষ্ঠতা হেৰুৱাইছে ইমৰান খানৰ চৰকাৰে (PTI government loses majority in lower House)। মিত্ৰদল মুত্তাহিদা কৌমি মুভমেণ্ট পাকিস্তান আৰু বিৰোধী পাকিস্তান পিপলছ পাৰ্টিৰ মাজত হোৱা মিত্ৰতাই বিপদত পেলালে ইমৰান খানৰ পিটিআই দলক । ইমৰান খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱত সফল হ'বলৈ বিৰোধীক নিম্ন সদনৰ ১৭২ গৰাকী সদস্যৰ দৰকাৰ । লক্ষণীয়ভাৱে MQM দলে ইমৰান খানৰ সংগ এৰাৰ লগে লগে বিৰোধীৰ সদস্য হ'লগৈ ১৭৭ গৰাকী ।

Pakistan political crisis
মিত্ৰদলে বিপদত পেলালে ইমৰান খান চৰকাৰক

By

Published : Mar 30, 2022, 11:59 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,৩০ মাৰ্চ :নাটকীয়ভাৱে পৰিৱৰ্তন হৈছে পাকিস্তানৰ ৰাজনৈতিক পট । প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে বিৰোধীয়ে অনাস্থা প্ৰস্তাৱ অনাৰ পাছতে পাকিস্তানৰ ৰাজনীতি গৰম হৈ আছে । পাকিস্তান চৰকাৰৰ মিত্ৰদল মুত্তাহিদা কৌমি মুভমেণ্ট পাকিস্তান (MQM)ৰ সৈতে বিৰোধী পাকিস্তান পিপলছ পাৰ্টি (PPP)ৰ বুজাবুজিৰ পাছতে তীব্ৰ সংকটত ইমৰান খান নেতৃত্বাধীন পাকিস্তান তেহৰিক-ই-ইনচাফ (পিটিআই) । ইতিমধ্যে বিৰোধী PPP আৰু MQMৰ বুজাবুজি সম্পন্ন হৈছে (Opposition PPP and MQM Contracts)।

MQMৰ ৰবতা সমিতি আৰু PPP দলৰ চিইচিয়ে বুজাবুজি চুক্তিত অনুমোদন জনাইছে । PPPৰ অধ্যক্ষ বিলাৱাল ভুট্টো জাৰ্দাৰীয়ে টুইটযোগে কয় যে তেওঁলোকে সংবাদমেল সম্বোধন কৰিব আৰু এই বুজাবুজি সম্পৰ্কে উল্লেখ কৰিব । ইফালে এই বুজাবুজিয়ে বিপদত পেলালে ইমৰান খান চৰকাৰক ।

দুয়োটা দলৰ বুজাবুজিৰ পাছতে ইমৰান খানৰ চৰকাৰে নিম্ন সদনত সংখ্যাগৰিষ্ঠতা হেৰুৱাইছে (PTI government loses majority in lower House)। ইমৰান খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱত সফল হ'বলৈ বিৰোধীক নিম্ন সদনৰ ১৭২ গৰাকী সদস্যৰ দৰকাৰ । লক্ষণীয়ভাৱে MQM দলে ইমৰান খানৰ সংগ এৰাৰ লগে লগে বিৰোধীৰ সদস্য হ'লগৈ ১৭৭ গৰাকী ।

ইফালে, ইমৰান খানে অভিযোগ কৰা মতে বিদেশী পুঁজিৰ সহায়ত একাংশ লোকে তেওঁৰ চৰকাৰ ভংগ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । ফেডাৰেল মন্ত্ৰী আশ্বাদ ওমৰে দাবী কৰা মতে প্ৰধানমন্ত্ৰীয়ে পাকিস্তানৰ মুখ্য ন্যায়াধীশ ওমাৰ আতা বান্দিয়ালক তেওঁৰ এই দাবী সম্পৰ্কে এখন পত্ৰও প্ৰেৰণ কৰিবলৈ সাজু হৈছে ।

লগতে পঢ়ক :Pakistan political crisis : সংকটত ইমৰান খানৰ চৰকাৰ

ABOUT THE AUTHOR

...view details