ইণ্টাৰনেচনেল ডেস্ক, ১১ মে' :হিংসাত্মক প্ৰতিবাদৰ দাবানলত দগ্ধ এতিয়া পাকিস্তান (violence after Imran Khan arrest) । পাকিস্তানৰ সংবাদ-পত্ৰ ডনৰ বৃহস্পতিবাৰৰ খবৰ অনুযায়ী, দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক গ্ৰেপ্তাৰ কৰাৰ পিছতে সমগ্ৰ পাকিস্তানত নিৰাপত্তাৰক্ষীৰে চলি থকা সংঘৰ্ষত কমেও আঠজন লোক নিহত হয় আৰু আন ২৯০ জন লোক আহত হয় (8 killed in pakistan protest violence) ।
আনহাতে, এই সংঘৰ্ষত লিপ্ত প্ৰায় ১,৯০০ জন প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে (protest against Imran Khan arrest) । প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে আৰক্ষী থানাকে ধৰি বিভিন্ন চৰকাৰী ভৱন ধ্বংস কৰাৰ অভিযোগ । উল্লেখ্য, বুধবাৰে আল কাদিৰ ট্ৰাষ্ট গোচৰৰ (Al Qadir Trust case) সন্দৰ্ভত ইছলামাবাদৰ এখন আদালতে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক আঠ দিনৰ বাবে এনএবি জিম্মাত দিয়াৰ পিছতে এই ঘটনাৰ সূত্ৰপাত ঘটে (Imran Khan in NAB custody) ।
আনহাতে, পিটিআইৰ কেন্দ্ৰীয় মহাসচিব আছাদ ওমৰক জিম্মাত লোৱাৰ কেইঘণ্টামান পিছতে পিটিআইৰ জ্যেষ্ঠ উপ-সভাপতি ফাৱাদ চৌধুৰীকো আটক কৰা হয় । ইফালে পঞ্জাব, খাইবাৰ পাখতুনখোৱা আৰু ইছলামাবাদত অৱনতি হোৱা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনে সামৰিক বাহিনী প্ৰেৰণ কৰিছে (Imran Khan arrest) ।
উল্লেখ্য, প্ৰতিবাদকাৰীসকলে লাহোৰৰ ক'ৰ্পছ কমাণ্ডাৰৰ ঘৰত প্ৰৱেশ কৰা আৰু ৰাৱালপিণ্ডিৰ মুখ্য কাৰ্যালয়ৰ এখন গে'ট ভাঙি পেলোৱাৰ এদিন পিছতে সামৰিক বাহিনী নমোৱা হয় । ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে পাকিস্তানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী তথা পাকিস্তান তেহৰিক-ই-ইনচাফৰ (Pakistan Tehreek-e-Insaf) উপাধ্যক্ষ মখদুম শ্বাহ মেহমুদ কুৰেশ্বিক ইছলামাবাদ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অজ্ঞাত স্থানলৈ লৈ যায় ।
এই সন্দৰ্ভত ইমৰাণ খানৰ দলটোৱে বৃহস্পতিবাৰে টুইট কৰি কয়, "তেহৰিক-ই-ইনচাফৰ উপাধ্যক্ষ মখদুম শ্বাহ মেহমুদ কুৰেশ্বিক ইছলামাবাদ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অজ্ঞাত স্থানলৈ স্থানান্তৰ কৰিছে ।" আনহাতে, পাকিস্তানস্থিত সংবাদ-পত্ৰ 'দ্য এক্সপ্ৰেছ ট্ৰিবিউন'ৰ বাতৰি অনুসৰি, বুধবাৰে আবেলি আৰক্ষীয়ে কুৰেশ্বিক গ্ৰেপ্তাৰৰ চেষ্টা চলায় যদিও বিফল হয় । তাৰ পিছত পিটিআই নেতাজনক ইছলামাবাদৰ গিলগিট-বাল্টিস্তান হাউছৰ পৰা জিম্মাত লোৱা হয় ।
উল্লেখ্য যে মঙলবাৰে পিটিআইৰ অধ্যক্ষ ইমৰাণ খানক এটা প্ৰতাৰণা গোচৰত গ্ৰেপ্তাৰ কৰা হয় আৰু পুলিচ লাইনছ মুখ্য কাৰ্যালয়ত দায়বদ্ধতা আদালতত হাজিৰ কৰোৱা হয় । দায়বদ্ধতা ব্যুৰোৱে পুলিচ লাইনছত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ তদন্ত কৰিব । ইফালে কুৰেশ্বিক আৰক্ষীয়ে পঞ্জাব আৰু খাইবাৰ পাখতুনখোৱাত হোৱা সংঘৰ্ষ আৰু অগ্নিসংযোগৰ অভিযোগত বিচাৰি আছিল । গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বে কুৰেশ্বিয়ে পিটিআই কৰ্মীসকলক দেশত প্ৰকৃত স্বাধীনতাৰ বাবে তেওঁলোকৰ সংগ্ৰাম অব্যাহত ৰাখিবলৈ আহ্বান জনায় ।
লগতে পঢ়ক :Shah Mehmood Qureshi Arrested: পাকিস্তানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী শ্বাহ মেহমুদ কুৰেশ্বিক গ্ৰেপ্তাৰ