ইণ্টাৰনেচনেল ডেস্ক, ২জুন :পাকিস্তান তেহৰিক-ই-ইনচাফৰ (Tehreek e Insaf, PTI) মুৰব্বী তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে তেওঁৰ জীৱনৰ আটাইতকৈ কঠিন যুঁজৰ সন্মুখীন হৈছে (Former PM Imran Khan faced toughest battle) । কিয়নো তেওঁ ইছলামাবাদত গ্ৰেপ্তাৰ হোৱাৰ পিছত ৯ মে'ত সংঘটিত হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ দলৰ নিকটতম সদস্যসকলে দল ত্যাগ কৰাৰ কথা ঘোষণা কৰে (Imran Khans Closest Leaders Leave PTI) । যাৰ ফলত তেওঁ এতিয়া এক তীব্ৰ ৰাজনৈতিক বিচ্ছিন্নতাৰ সৈতে মোকাবিলা কৰিবলৈ সংগ্ৰাম কৰিবলগা হৈছে (Imran isolated after closest aides leave PTI) ।
উল্লেখ্য, পিটিআইৰ পৰা পদত্যাগৰ কথা ঘোষণা কৰা নেতাসকলৰ বিশাল তালিকাত শেহতীয়াকৈ যোগ দিছে প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী পাৰভেইজ খাট্টাক (Former Minister Pervaiz Khattak leave PTI) আৰু ৰাষ্ট্ৰীয় বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ আছাদ কাইজাৰে (Asad Qaiser leave PTI) ।
"৯ মে'ত একো ভাল হোৱা নাছিল... মই পূৰ্বতেই ঘটনাটোক গৰিহণা দিছোঁ । আল্লাই এনে ঘটনা পুনৰ সংঘটিত হোৱাত বাধা দিয়ক । দেশৰ ৰাজনৈতিক পৰিৱেশ বেয়া । মই দলৰ পদ এৰিবলৈ সিদ্ধান্ত লৈছোঁ । বন্ধুবৰ্গৰ সৈতে পৰামৰ্শ কৰাৰ পিছত মই ভৱিষ্যতৰ কাৰ্যপন্থা সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰিম ।" খাট্টাকে কয় । খাট্টাক হৈছে খাইবাৰ পাখতুনখোৱাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু লগতে তেওঁ দলটোৰ উক্ত প্ৰদেশখনৰ সভাপতিও আছিল ।
উল্লেখ্য যে ইমৰান খানে সম্প্ৰতি দেশৰ ৰাজনৈতিক বিশৃংখলতা তেওঁৰ লগতে তেওঁৰ দলটোক আক্ৰমণৰ লক্ষ্য কৰি লোৱা সন্দৰ্ভত আলোচনাৰ বাবে আহ্বান জনোৱা বৈঠকত প্ৰতিনিধিত্ব কৰিবলৈ খাট্টাক আৰু কাইজাৰক মনোনীত কৰিছিল । প্ৰণিধানযোগ্য যে ৯ মে'ৰ হিংসাত্মক ঘটনাৰ পিছত শতাধিক পিটিআই নেতাই দলটোৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছে ।
অৱশ্যে পিটিআইৰ নেতাসকলে দলচোৰ পৰা পদত্যাগৰ কাৰণ হিচাপে উল্লেখ কৰি যি বিবৃতি আৰু যুক্তি প্ৰদৰ্শন কৰিছে তাৰ পৰা প্ৰশ্ন উত্থাপন হৈছে যে প্ৰকৃততে ইমৰান খানৰ সৈতে তেওঁলোকৰ সম্পৰ্কৰ দূৰত্ব বৃদ্ধি পাইছে ।